ETV Bharat / city

3 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 5, 2022, 2:57 PM IST

news-at-3
3 বজাৰ শীৰ্ষ দহটা বাতৰি

3 বজাৰ শীৰ্ষ দহটা বাতৰি

ড্ৰন পাঠ্যক্ৰম সম্পৰ্কত জৰীপ কেন্দ্ৰ আৰু আই আই টিৰ মাজত বুজাবুজিৰ চুক্তি

জৰীপ আৰু বন্দোৱস্তি প্ৰশিক্ষণ কেন্দ্ৰ, অসম আৰু আই আই টি, গুৱাহাটীৰ মাজত বুধবাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (IIT-G to train govt officials on drone tech)। এই চুক্তিৰ আধাৰত দুয়োটা প্ৰতিষ্ঠানে ভৱিষ্যতলৈ পাৰস্পৰিক সহযোগিতা আৰু সমর্থনেৰে কাম-কাজ চোৱা-চিতা কৰিব ।

এতিয়াৰে পৰা শ্ৰমিকৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাসকলৰ পিছতে এতিয়াৰে পৰা শ্ৰমিকসকলে বিনামূলীয়াকৈ লাভ কৰিব বাছ সেৱা(Free bus services for laborers) ৷ "বিনামূলীয়া বাছ পাছ আঁচনি" ৰ অধীনত এই সেৱা বৃহস্পতিবাৰৰে পৰা আৰম্ভ কৰা হৈছে ৷ সাধাৰণ খাটিখোৱা শ্ৰমিক, মিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, সুৰক্ষা কৰ্মী বা অন্যান্য শ্ৰমিকসকলে ভোগ কৰিবলৈ পাৰিব এই সুবিধা ৷

স্বাধীনতা সংগ্ৰামীৰ সমাধিস্থল সংৰক্ষণৰ পদক্ষেপ আগৰতলা পৌৰ নিগমৰ

মুক্তিযুদ্ধৰ সময়ৰ বাংলাদেশী স্বাধীনতা সংগ্ৰামীসকল(Bangladeshi freedom fighters of Liberation War) ৰ ৰাজহুৱা সমাধিস্থলৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে আগৰতলা পৌৰ নিগমে(Tripura takes efforts to preserve liberation war mass burial site) ৷ ইয়াৰ বাবে মেয়ৰ সহিতে এটা দলে বুধবাৰে পৰিদৰ্শন কৰে এটা ৰাজহুৱা কবৰস্থান ৷

মণিপুৰৰ ৰাজধানী ইম্ফলত শক্তিশালী IED বিস্ফোৰণ

মণিপুৰৰ ৰাজধানী ইম্ফলত পুৱা সংঘটিত হয় শক্তিশালী আই ই ডি বিস্ফোৰণ(Powerful bomb exploded in Manipur) ৷ অৱশ্যে বিস্ফোৰণটোত হতাহত হোৱা নাই কোনো লোক ৷ পশ্চিম ইম্ফল আৰক্ষী, ফৰেনচিক বিভাগ, বোমা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত (Manipur Police Bomb Detection and Disposal Squad) ৷

দুখনকৈ মাস্ক পৰিধান প্ৰতিৰোধ কৰিব নোৱাৰে কৰ’ণাক !

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকসকলে কৰা এক অধ্যয়নত দাবী কৰিছে যে, দুখনকৈ মাস্ক পৰিধানে আপোনাক কৰ’ণাৰ পৰা সুৰক্ষা প্ৰদানত ব্যৰ্থ হ’ব পাৰে ৷ বৰঞ্চ সংক্ৰমণৰ লগতে সংক্ৰমণৰ আশংকা বৃদ্ধিহে কৰে ।

চেলফিয়ে হ’ল কাল: ট্ৰাকৰ খুন্দাত আহত শিশুসহ 5গৰাকী লোক

বঙাইগাঁও জিলাৰ যোগীঘোপাত নৰনাৰায়ণ সেতুৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দলঙৰ ওপৰত ৰৈ থকা বাহনত এখন ট্ৰাকে খুন্দিওৱাৰ ফলত শিশু সহ ৫ জনকৈ লোক গুৰুতৰ ভাবে আহত হৈছে (Road accident in Bangaigaon) ৷ আহত সকলক সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ ৷

ত্ৰিপুৰাৰ পৰ্যটনৰ উন্নয়নৰ বাবে বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জিষ্ণু দেৱবৰ্মাৰ

ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীয়ে কোৱা মতে পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বেংকসমূহে আগবাঢ়ি আহিব লাগিব । ত্ৰিপুৰাত পৰ্যটন উন্নয়নৰ যথেষ্ট সুযোগ আছে (Tripura has a lot of opportunities for tourism development)। দেশৰ প্ৰধানমন্ত্ৰীৰ আসন নৰেন্দ্ৰ মোডী বহাৰ পিছৰে পৰে উত্তৰ-পূৱক লৈ মানুহৰ দৃষ্টিভংগী সলনি হৈছে ।

যোৰহাট আৰক্ষীৰ জালত পিষ্টলসহ এজন

অপৰাধ অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী(Police against crime offenders) । টীয়কত আৰক্ষীৰ অভিযানত জালত পৰিল এজন ব্যক্তি । পিষ্টলসহ যোৰহাট জিলাৰ ভগামুখ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক ।

বিয়াৰ মাছ-ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ এক অঞ্চলত প্ৰায় দুই শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে (People Suffer Food Poisoning After Attending Wedding Feast) ৷ বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১১০ গৰাকী হৈছে । ভালেসংখ্যক লোকক ভৰ্তি কৰোৱা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

আৰক্ষী বিষয়াৰ স্বামী হ'ব বিচাৰিছিল.. কিন্তু হ'লগৈ ৰঙাঘৰৰ আলহী

এইবাৰ প্ৰৱঞ্চকৰ বলি হ'ল অসম আৰক্ষীৰ এগৰাকী নিষ্ঠাৱান বিষয়া (Cheating an Assam Police officer)। প্ৰেম আৰু বিয়াৰ নামত প্ৰৱঞ্চনা আৰক্ষী বিষয়াগৰাকীক । অৱশ্যে বিয়াৰ পূৰ্বে সকলো ৰহস্য ফাদিল । অৱশেষত ৰঙাঘৰত সোমাল প্ৰৱঞ্চক তথা আৰক্ষী বিষয়াৰ প্ৰেমিক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.