ETV Bharat / state

যোৰহাট আৰক্ষীৰ জালত পিষ্টলসহ এজন

author img

By

Published : May 5, 2022, 2:07 PM IST

অপৰাধ অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী(Police against crime offenders) । টীয়কত আৰক্ষীৰ অভিযানত জালত পৰিল এজন ব্যক্তি । পিষ্টলসহ যোৰহাট জিলাৰ ভগামুখ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক ।

Man arrested with pistol in Teok
পিষ্টলসহ আৰক্ষীৰ জালত এজন

টীয়ক,৫ মে': টীয়কত অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী(Police against crime offenders) । এইবাৰ গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত পিষ্টলসহ গ্ৰেপ্তাৰ এজনক(Man arrested with pistol in Teok) । টীয়ক আৰক্ষী আৰু ভগামুখ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল অভিযান ।

টীয়কৰ ভগামুখৰ লাহোৱাল গাঁৱত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পিষ্টলসহ লোকজনক । ধৃত লোকজনৰ নাম নৱজ্যোতি বৰকটকী ওৰফে কলীয়া বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে চলোৱা এই অভিযানত ব্যক্তিগৰাকীক ঘৰৰ পৰাই আটক কৰে । লগতে জব্দ কৰে এটা ৭.৬২ পিষ্টল আৰু চৰিজাই সজীৱ গুলি (Man arrested with pistol in Teok)৷

যোৰহাট আৰক্ষীৰ জালত পিষ্টলসহ এজন

আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি, নৱজ্যোতি বৰকটকী এজন আত্মসমৰ্পণকাৰী আলফা । বিগত দিনবোৰতো তেঁওৰ বিৰুদ্ধে বহুতো আপত্তিজনক গোচৰ থকাৰ বাবে বহুদিনৰ পৰাই আৰক্ষীয়ে কটকীৰ কাম কাজ লক্ষ্য কৰি আহিছিল ।

শেহতীয়াকৈ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে নিশা লোকজনৰ ঘৰত অভিযান চলাই পিষ্টলসহ গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি লোকজনক নিজৰ জিম্মাত ৰাখি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীৰ ।

লগতে পঢ়ক: বিয়াৰ মাছ-ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.