ETV Bharat / state

বিয়াৰ মাছ-ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

author img

By

Published : May 5, 2022, 10:23 AM IST

শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ এক অঞ্চলত প্ৰায় দুই শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে (People Suffer Food Poisoning After Attending Wedding Feast) ৷ বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১১০ গৰাকী হৈছে । ভালেসংখ্যক লোকক ভৰ্তি কৰোৱা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

বিয়াৰ মাছ-ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক
বিয়াৰ মাছ-ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

তেজপুৰ, ৫ মে’: শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ এক অঞ্চলত প্ৰায় দুই শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে (People Suffer Food Poisoning After Attending Wedding Feast) ৷ এখন বিয়াৰ অভ্যৰ্থনাৰ খাদ্যৰ পৰাই এই বিষক্ৰিয়া হোৱাৰ আশংকা কৰা হৈছে ৷ মঙলবাৰে নিশাৰে পৰা আৰম্ভ হোৱা এই বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১১০ গৰাকী হৈছে । এই ঘটনাৰ পাছতে শোণিতপুৰ প্ৰশাসনৰ নিৰ্দেশত আনকি অস্থায়ী স্বাস্থ্য শিবিৰ স্থাপন কৰি আক্ৰান্ত সকলক স্বাস্থ্য বিভাগে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলগীয়া হোৱাৰ উপৰি ভালেসংখ্যক লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ বুধবাৰৰ নিশালৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰকৃততে কিমান সংখ্যক লোক আক্ৰান্ত হৈছে তাৰ নিৰ্দিষ্ট সংখ্যা ওলোৱা নাই যদিও আক্ৰান্তৰ সংখ্যা প্ৰায় দুই শতাধিক হব বুলি আশংকা কৰিছে স্থানীয় লোকে ৷

উল্লেখযোগ্য যে, কালি অৰ্থাৎ বুধবাৰে বৰছলাৰ পুঠিমাৰি বাপুভেটি গাঁৱৰ প্ৰসন্ন বৰাৰ বিয়াৰ অভ্যৰ্থনা আছিল ৷ সমগ্ৰ গাঁওখনৰ লগতে আন অঞ্চলৰ বহু সংখ্যক লোক অভ্যৰ্থনালৈ আহিছিল আৰু সকলোৰে বাবে ৰূপচন্দা মাছৰে ভাতৰ ব্যৱস্থা কৰা হৈছিল ৷ অভ্যৰ্থনাৰ আহাৰ গ্ৰহণ কৰা বাপুভেটি গাঁৱৰ শতাধিক লোক নিশালৈ মূৰৰ বিষ, বমি আৰু পায়খানাত আক্ৰান্ত হয় ৷ এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত অঞ্চলটোত হাঁহাকাৰ লাগে আৰু নিশায়েই একাংশ লোকক টুমুকিস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় ৷ উল্লেখযোগ্য যে আজি পুৱালৈ অঞ্চলটোত এনে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পায় ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাত এই সন্দৰ্ভত শোণিতপুৰ প্ৰশাসনকো জনোৱা হয় ৷

প্ৰশাসনৰ নিৰ্দেশত জিলা স্বাস্থ্য বিভাগে বিবাহ অনুষ্ঠিত হোৱা প্ৰসন্ন বৰাৰ ঘৰৰ চৌহদতে এটা অস্থায়ী চিকিৎসা শিবিৰ মুকলি কৰি অঞ্চলটোৰ শতাধিক বিষক্ৰিয়াত আক্ৰান্ত লোকক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে ৷ ইয়াত চিকিৎসা গ্ৰহণ কৰা লোকৰ সংখ্যাও সময় আগবঢ়াৰ লগে লগে বৃদ্ধি পোৱাৰ বিপৰীতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতো অৰ্দ্ধশতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয় ৷ এই ঘটনা সন্দৰ্ভত দৰাৰ খুড়াক বীৰেন চন্দ্ৰ বৰাই কয় যে,যদিও ভাতৰ স’তে ৰূপচন্দা মাছৰ আঞ্জা পৰিৱেশন কৰা হৈছিল, তথাপিও এই বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত নিশ্চিত হোৱা নাই ৷ অৱশ্যে প্ৰাথমিক অৱস্থাত মাছেই বিষক্ৰিয়াৰ কাৰণ বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে ৷

ইতিমধ্যে খাদ্য পৰিদৰ্শকে ঘটনাস্থলীৰ পৰা খাদ্যৰ নমুনা সংগ্ৰহ কৰিছে পৰীক্ষাৰ বাবে ৷ বৰ্তমানেও বহুলোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহি থকাৰ উপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ বহু আক্ৰান্ত লোক চিকিৎসাৰ বাবে গৈয়েই আছে ৷ গাঁওখনত এইপৰ্যন্ত খাদ্যৰ এই বিষক্ৰিয়াক লৈ আতংক অব্যাহত থকাৰ বিপৰীতে চিকিৎসা লাভ কৰা একাংশ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে ৷

লগতে পঢ়ক: অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় চলাই বিপদত পৰিল ডমিন'জ আৰু কে এফ চি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.