ETV Bharat / state

চেলফিয়ে হ’ল কাল: ট্ৰাকৰ খুন্দাত আহত শিশুসহ 5গৰাকী লোক

author img

By

Published : May 5, 2022, 8:09 AM IST

বঙাইগাঁও জিলাৰ যোগীঘোপাত নৰনাৰায়ণ সেতুৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দলঙৰ ওপৰত ৰৈ থকা বাহনত এখন ট্ৰাকে খুন্দিওৱাৰ ফলত শিশু সহ ৫ জনকৈ লোক গুৰুতৰ ভাবে আহত হৈছে (Road accident in Bangaigaon) ৷ আহত সকলক সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ ৷

চেলফিয়ে হ’ল কাল: ট্ৰাকৰ খুন্দাত আহত শিশুসহ 5গৰাকী লোক
চেলফিয়ে হ’ল কাল: ট্ৰাকৰ খুন্দাত আহত শিশুসহ 5গৰাকী লোক

গোৱালপাৰা, 5মে’: বুধবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপাত সংঘটিত হয় এটা ভয়াৱহ পথ দুৰ্ঘটনা ৷ দলঙৰ ওপৰত ৰৈ থকা দুখনকৈ বাহনক মহতিয়ালে চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাকে ৷

প্ৰাপ্ত তথ্য অনুসৰি, নৰনাৰায়ণ সেতুৰ ওপৰত বাহনখন ৰখাই চেলফি উঠি থকাৰ সময়তে সংঘটিত হয় এই অঘটন (Selfie on bridge turns fatal for family) ৷ দুৰ্ঘটনাটোত শিশু আৰু মহিলাসহ ৫ জন গুৰুতৰভাবে আহত হোৱা বুলি জানিব পৰা গৈছে ৷ গুৰুতৰভাৱে আহত আটাইকেইগৰাকীকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গোৱালপাৰালৈ ৷ ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাটোত পতিত হোৱা বাহন তিনিখনৰ দুখন ক্ৰমে এ এছ ০১ ডি কে ৮৪৩৫ আৰু এ এছ ২৬ চি ৮৪১১ বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.