ETV Bharat / bharat

মণিপুৰৰ ৰাজধানী ইম্ফলত শক্তিশালী IED বিস্ফোৰণ

author img

By

Published : May 5, 2022, 1:13 PM IST

মণিপুৰৰ ৰাজধানী ইম্ফলত পুৱা সংঘটিত হয় শক্তিশালী আই ই ডি বিস্ফোৰণ(Powerful bomb exploded in Manipur) ৷ অৱশ্যে বিস্ফোৰণটোত হতাহত হোৱা নাই কোনো লোক ৷ পশ্চিম ইম্ফল আৰক্ষী, ফৰেনচিক বিভাগ, বোমা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত (Manipur Police Bomb Detection and Disposal Squad) ৷

powerful-bomb-exploded-in-manipur
মণিপুৰৰ ৰাজধানী ইম্ফলত শক্তিশালী IED বিস্ফোৰণ

ইম্ফল, 5 মে’: বৃহস্পতিবাৰে এটা শক্তিশালী আই ই ডি বিস্ফোৰণে(Improvise Explosive Device) কঁপাই তোলে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰ(Powerful bomb exploded in Manipur) । পশ্চিম ইম্ফলৰ নাগামাপাল লামাবাম লেইকাই অঞ্চলত আজি পুৱা সংঘটিত হয় উক্ত বিস্ফোৰণ(Bomb Blast in Manipur) । অৱশ্যে বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ তথ্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।

ইম্ফলত শক্তিশালী IED বিস্ফোৰণ

লেইকাই লেইৰাক মেচিনত অৱস্থিত সচিতা কাৰ হাউচ নামৰ এখন গাড়ীৰ স্পেয়াৰ পাৰ্টছ আৰু আনুষংগিক সামগ্ৰীৰ দোকান এখনৰ সন্মুখত পুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় উক্ত বিস্ফোৰণটো । আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, সচিতা কাৰ হাউচৰ স্বত্বাধিকাৰী মন্ত্ৰীপুখুৰীৰ বাসিন্দা প্ৰকাশ চেত্ৰী(46) ৷

উক্ত বিস্ফোৰণটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আৰক্ষীৰ লগতে ফৰেনচিক বিভাগ আৰু মণিপুৰ আৰক্ষীৰ বোমা বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে(Manipur Police Bomb Detection and Disposal Squad) ৷

বিস্ফোৰণৰ ফলত কাৰ হাউচটোৰ লগতে কাষতে থকা পাৰ্কিট পইন্টটোৰ বিস্তৰ ক্ষতি হয় । অৱশ্যে এই পৰ্যন্ত কোনোৱে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

লগতে পঢ়ক : ত্ৰিপুৰাত দুই শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.