ETV Bharat / bharat

এতিয়াৰে পৰা শ্ৰমিকৰ বাবে বিনামূলীয়া বাছসেৱা

author img

By

Published : May 5, 2022, 11:18 AM IST

মহিলাসকলৰ পিছতে এতিয়াৰে পৰা শ্ৰমিকসকলে বিনামূলীয়াকৈ লাভ কৰিব বাছ সেৱা(Free bus services for laborers) ৷ "বিনামূলীয়া বাছ পাছ আঁচনি" ৰ অধীনত এই সেৱা বৃহস্পতিবাৰৰে পৰা আৰম্ভ কৰা হৈছে ৷ সাধাৰণ খাটিখোৱা শ্ৰমিক, মিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, সুৰক্ষা কৰ্মী বা অন্যান্য শ্ৰমিকসকলে ভোগ কৰিবলৈ পাৰিব এই সুবিধা ৷

after-women-now-laborers-will-also-get-facility-of-free-travel-in-bus-in-delhi
এতিয়াৰে পৰা শ্ৰমিকৰ বাবে বিনামূলীয়া বাছসেৱা

নেশ্যনেল ডেস্ক, 5 মে’ : শ্ৰমিক শ্ৰেণীৰ বাবে সুখবৰ ৷ এতিয়াৰে পৰা বিনামূলীয়া বাছ সেৱা(Free bus services for laborers) ৰ লাভালাভ উঠাব পাৰিব শ্ৰমিকসকলে ৷ মহিলাসকলৰ পিছতে এই সেৱা আগবঢ়োৱা হৈছে ৰাজ্যৰ শ্ৰমিকসকললৈ ৷ বিশেষকৈ ডিটিচি আৰু ক্লাষ্টাৰ শ্ৰেণীৰ বাছত বিনামূলীয়াকৈ যাত্ৰা কৰাৰ সুবিধা ল’ব পাৰিব শ্ৰমিকসকলে ৷ অৱশ্যে চৰকাৰৰ পঞ্জীয়নভুক্ত শ্ৰমিকসকলহে এই সুবিধা লাভ কৰিবলৈ পাব ৷

বুধবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা এই আঁচনিখন বৃহস্পতিবাৰৰে পৰা কাৰ্যকৰী কৰা হৈছে ৷ সাধাৰণ খাটিখোৱা শ্ৰমিক, বিভিন্ন শ্ৰেণীৰ মিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, সুৰক্ষা কৰ্মী বা অন্যান্য শ্ৰমিকসকলে ভোগ কৰিবলৈ পাৰিব এই সুবিধা ৷

ইমানখিনিলৈ হয়তো আপুনি ভাবি আছিল যে, অসম চৰকাৰে আগবঢ়াইছে এই সুবিধা ৷ কিন্তু আমি আপোনালোকক অতি দুখেৰে জনাওঁ যে, এই সুবিধা অসমৰ বাবে প্ৰযোজ্য নহ’ব ৷ ৰাজধানী চহৰ নতুন দিল্লীৰ বাবে এই সুবিধা আগবঢ়াইছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন "আপ"ৰ চৰকাৰে(Laborers will also get facility of free travel in bus in Delhi) ৷

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই টুইটযোগে প্ৰকাশ কৰিছে এই কথা ৷ চিছোদিয়াই লগতে কয় যে, বুধবাৰে ৰাজধানী চহৰখনত শ্ৰমিকসকলৰ বাবে "বিনামূলীয়া বাছ পাছ আঁচনি" ৰ শুভাৰম্ভ কৰা হৈছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শ্ৰমিকসকলক দিল্লীৰ নিৰ্মাতা আখ্যা দি তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এতিয়াৰে পৰা শ্ৰমিকসকলে অহা-যোৱাৰ নামত ধনৰ অপব্যয় কৰাৰ প্ৰয়োজন নাই বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে ৷ যাৰ বাবে দিল্লী চৰকাৰে মুকলি কৰিছে এই আঁচনি ৷ এই আঁচনিৰ অধীনত এগৰাকী শ্ৰমিকে প্ৰতি মাহে এতিয়াৰে পৰা কমেও 800 টকা ৰাহি কৰিব পাৰিব ।

সম্প্ৰতি শ্ৰমিকসকলৰ মজুৰি কমেও 16,000 টকা হৈ পৰিছে । তেওঁ লগতে কয় যে, এই আঁচনিৰ পিছত শ্ৰমিকসকলে মুদ্ৰাস্ফীতিৰ পৰা কিছু পৰিমাণে সকাহ পাব । উল্লেখ্য যে, দিল্লী চৰকাৰে 2020 চনৰ পৰা ডিটিচি বাছত মহিলাসকলক বিনামূলীয়া ভ্ৰমণৰ সুবিধা প্ৰদান কৰি আহিছে ।

লগতে চাওক: North East Festival: গুৱাহাটীত নষ্ট-ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.