ETV Bharat / state

ড্ৰন পাঠ্যক্ৰম সম্পৰ্কত জৰীপ কেন্দ্ৰ আৰু আই আই টিৰ মাজত বুজাবুজিৰ চুক্তি

author img

By

Published : May 5, 2022, 10:40 AM IST

জৰীপ আৰু বন্দোৱস্তি প্ৰশিক্ষণ কেন্দ্ৰ, অসম আৰু আই আই টি, গুৱাহাটীৰ মাজত বুধবাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (IIT-G to train govt officials on drone tech)। এই চুক্তিৰ আধাৰত দুয়োটা প্ৰতিষ্ঠানে ভৱিষ্যতলৈ পাৰস্পৰিক সহযোগিতা আৰু সমর্থনেৰে কাম-কাজ চোৱা-চিতা কৰিব ।

ড্ৰন পাঠ্যক্ৰম সম্পৰ্কত জৰীপ কেন্দ্ৰ আৰু আই আই টিৰ মাজত বুজাবুজিৰ চুক্তি
ড্ৰন পাঠ্যক্ৰম সম্পৰ্কত জৰীপ কেন্দ্ৰ আৰু আই আই টিৰ মাজত বুজাবুজিৰ চুক্তি

গুৱাহাটী, 5মে’: জৰীপ আৰু বন্দোৱস্তি প্ৰশিক্ষণ কেন্দ্ৰ, অসম আৰু আই আই টি, গুৱাহাটীৰ মাজত বুধবাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ আধাৰত দুয়োটা প্ৰতিষ্ঠানে ভৱিষ্যতলৈ পাৰস্পৰিক সহযোগিতা আৰু সমর্থনেৰে কাম-কাজ চোৱা-চিতা কৰিব (IIT-G to train govt officials on drone tech)।

ড্ৰন অপাৰেচনৰ পাঠ্যক্ৰম, ট্ৰেইনিং, পৰিচালনা, ডাটা সংগ্ৰহ, আধুনিক ভূমি ব্যৱস্থাপনা আৰু গৱেষণা আৰু প্ৰকল্প ৰূপায়ণকে ধৰি বিভিন্ন ক্ষেত্ৰত কেন্দ্ৰ আৰু আই আই টি, গুৱাহাটীয়ে সহযোগিতাৰে কাম কৰিব । এই ধৰণৰ পদক্ষেপে জৰীপ আৰু বন্দোৱস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়াসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি আশা কৰে মন্ত্ৰী মহনে ।

তেওঁ কয় যে প্ৰযুক্তি আৰু শিক্ষাৰ এই নতুন যুগত এই বুজাবুজি চুক্তি অঞ্চলটোক সহায় কৰাৰ দিশত এয়া এক মহৎ পদক্ষেপ । সহযোগিতাৰ বাবে তেওঁ আইআইটি গুৱাহাটীক ধন্যবাদ জনায় কয় যে আইআইটি গুৱাহাটীৰ ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰক বিভিন্ন সময়ত বিভিন্ন সহায় কৰি আছে ।

অনুষ্ঠানত অংশ লৈ আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয়, "এই ঐতিহ্যবাহী সংগঠন জৰীপ আৰু বন্দৱস্তি প্ৰশিক্ষণ কেন্দ্ৰ, অসমৰ জৰিয়তে ৰাজ্যখনলৈ আমাৰ সেৱা সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হোৱাত আৰু ইয়াৰ কাৰ্যকলাপৰ সৈতে জড়িত হ'বলৈ পাই আমি আনন্দিত । আইআইটি গুৱাহাটীয়ে বিশেষভাৱে এই ভৱিষ্যতবাদী পদক্ষেপক স্বীকৃতি দিছে আৰু আমি প্ৰযুক্তি-আধাৰিত নেটৱৰ্কিং আৰু একাডেমিক প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে চৌহদৰ লগতে বিভিন্ন স্থানত আৰু ৰাজ্যৰ আৰ্থ-সামাজিক লাভালাভৰ বাবে অন্যান্য প্ৰযুক্তি-আধাৰিত পদক্ষেপসমূহক আগবঢ়ায় নিয়া হৈছে । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবাগৰাকীও বিষয়া আৰু গুৱাহাটী আই আই টিৰ শিক্ষক, গৱেষকসকল উপস্থিত আছিল ।

লগতে পঢ়ক: বিয়াৰ মাছ-ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.