ETV Bharat / bharat

ত্ৰিপুৰাৰ পৰ্যটনৰ উন্নয়নৰ বাবে বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জিষ্ণু দেৱবৰ্মাৰ

author img

By

Published : May 5, 2022, 10:46 AM IST

ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীয়ে কোৱা মতে পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বেংকসমূহে আগবাঢ়ি আহিব লাগিব । ত্ৰিপুৰাত পৰ্যটন উন্নয়নৰ যথেষ্ট সুযোগ আছে (Tripura has a lot of opportunities for tourism development)। দেশৰ প্ৰধানমন্ত্ৰীৰ আসন নৰেন্দ্ৰ মোডী বহাৰ পিছৰে পৰে উত্তৰ-পূৱক লৈ মানুহৰ দৃষ্টিভংগী সলনি হৈছে ।

NE
পৰ্যটনৰ উন্নয়নৰ বাবে বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জিষ্ণু দেৱবৰ্মাৰ

আগৰতলা,৫ মে' : 'দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোডী বহাৰ পিছৰে পৰে উত্তৰ-পূৱক লৈ মানুহৰ দৃষ্টিভংগী সলনি হৈছে । পূৰ্বে উত্তৰ-পূৱক উগ্ৰপন্থীৰ ৰম্যভূমি বুলি বহুতে ভয় খাইছিল । কিন্তু বৰ্তমান এই অঞ্চলত কিমানখন দলং আছে, কিমান কাৰখানা আছে আৰু কিমান ঘৰ নিৰ্মাণ কৰা হৈছে সেই বিষয়ে দেশৰ ভিন্ন প্ৰান্তৰ লোকে আলোচনা কৰে ।' এই মন্তব্য ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাৰ (Tripura finance minister statement on NE development)।

প্ৰজ্ঞা ভৱনত বিত্তীয় সাক্ষৰতা আৰু সজাগতা সম্পৰ্কীয় এখন আলোচনাচক্ৰ (Financial literacy and awareness seminar in Tripura) উদ্বোধন কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁ উল্লেখ কৰা মতে উত্তৰ-পূৱত, বিশেষকৈ ত্ৰিপুৰাত পৰ্যটন উন্নয়নৰ যথেষ্ট সুযোগ আছে (Tripura has a lot of opportunities for tourism development)। সেয়ে উত্তৰ-পূৱৰ ৰাজ্যসমূহ, বিশেষকৈ ত্ৰিপুৰাৰ পৰ্যটনৰ উন্নয়নৰ বাবে বিভিন্ন বেংকক আগবাঢ়ি আহিবলৈ আহ্বান জনালে ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বেংকসমূহক আগবাঢ়ি আহি ইতিবাচক ভূমিকা ল'বলৈও তেওঁ আহ্বান জনায় (Tripura finance minister urges banks to come forward)। তেওঁৰ মতে এটা সময়ত কেৱল উচ্চ শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকেহে বেংকলৈ গৈছিল । কিন্তু এতিয়া সকলো স্তৰৰ মানুহে বেংকৰ পৰা সেৱা গ্ৰহণ কৰি আছে ।

বেংকসমূহেও মানুহক সামাজিক সুৰক্ষা প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁ লগতে কয় যে বেংকবোৰ হৈছে বিকাশৰ মেৰুদণ্ড । সমাজৰ সকলো ক্ষেত্ৰৰ মানুহে এই বিষয়ে ভালদৰে অৱগত হোৱা প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে ।

ভাষণ প্ৰসংগত ৰাজ্যখনৰ বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কয় যে বিত্তীয় সাক্ষৰতাৰ বিষয়ে জনাটো সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । প্ৰতিখন পঞ্চায়তে এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব লাগিব । তেওঁৰ মতে ৰাজ্যৰ অৰ্থনীতি উন্নত কৰাৰ ক্ষেত্ৰত আত্ম-সহায়ক গোটসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বৰ্তমান চৰকাৰৰ দিনত আত্ম সহায়ক গোটৰ সংখ্যা ৪ হাজাৰৰ পৰা ৩৫ হাজাৰলৈ বৃদ্ধি পাইছে বুলিও তেওঁ উল্লেখ কৰে । এই পৰিসংখ্যাই মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ দিশত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক দেখুৱায় ।

লগতে পঢ়ক :অৰ্থনৈতিক বিকাশৰ বাবে ৰবৰ খেতিত গুৰুত্ব ত্ৰিপুৰা চৰকাৰৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.