ETV Bharat / bharat

অৰ্থনৈতিক বিকাশৰ বাবে ৰবৰ খেতিত গুৰুত্ব ত্ৰিপুৰা চৰকাৰৰ

author img

By

Published : May 3, 2022, 8:48 PM IST

প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা (Rubber plantation in Tripura)৷ 2025 চনৰ ভিতৰত প্ৰায় 30 হাজাৰ হেক্টৰ ভূমিত ৰবৰ খেতিৰ পৰিকল্পনা লৈছে ত্ৰিপুৰা চৰকাৰে ৷

Rubber plantation in Tripura
Rubber plantation in Tripura

আগৰতলা, 3 মে’ : ত্ৰিপুৰাৰ আৰ্থিক বিকাশৰ বাবে ৰাজ্য চৰকাৰখনে বৃস্তিত ৰবৰ খেতিৰ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে (Tripura Government choose to expansion of rubber plantation) ৷ অহা পাঁচ বছৰত 624 কোটি টকা ব্যয় সাপেক্ষে প্ৰায় 30 হাজাৰ হেক্টৰ ভূমিত ৰবৰ খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিপ্লৱ দেৱৰ চৰকাৰে ৷ চৰকাৰৰ এক সূত্ৰই জনাইছে যে, 2025 চনৰ ভিতৰত প্ৰায় 30 হাজাৰ হেক্টৰ ভূমিত ৰবৰ খেতিৰ পৰিকল্পনা লৈছে চৰকাৰে ৷ ইতিমধ্যে বহুকেইটা ৰবৰ উদ্যোগ ৰাজ্যত গঢ় লোৱা বুলিও সূত্ৰটোৱে জনায় ৷

প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা (Rubber production in Tripura) ৷ কেৰালাই ৰবৰ উৎপাদনত দেশৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে ৷ বৰ্তমান ত্ৰিপুৰাত প্ৰায় 87,000 হেক্টৰ ভূমিত ৰবৰৰ খেতি কৰা হয় ৷ বছৰি প্ৰায় 90,712 মেট্ৰিক টন ৰবৰ উৎপাদন হয় ৷ ৰাজ্যখনৰ প্ৰায় 1,10,000 লোক ৰবৰ খেতিৰ সৈতে জড়িত ৷ ইয়াৰে প্ৰায় 80 শতাংশই হৈছে জনজাতীয় লোক ৷

সূত্ৰটোৱে লগতে কয় যে, ৰবৰ গছৰ আঠাৰ পৰা ৰবৰৰ শ্বীট সমূহ প্ৰস্তুত কৰা হয় আৰু এইসমূহ বাহিৰলৈ ৰপ্তানি কৰা হয় ৷ প্ৰায় 1,363 গৰাকী লোক এই ৰবৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ৷

2018-19 বিত্তীয় বৰ্ষত ত্ৰিপুৰাত উৎপাদন হয় মুঠ 74,139 মেট্ৰিক টন ৰবৰ ৷ ইয়াৰ পৰা ৰাজ্যখনে ৰাজহ লাভ কৰে প্ৰায় 889 কোটি টকা ৷ 2019-20 বিত্তীয় বৰ্ষত 83,701 মেট্ৰিক টন ৰবৰ উৎপাদনেৰে ৰাজ্যখনে উপাৰ্জন কৰে 1,004 কোটি টকাৰ ৰাজহ ৷ একেদৰে 2020-21 বিত্তীয় বৰ্ষত 90,712 মেট্ৰিক টন ৰবৰ উৎপাদন কৰি ৰাজ্যখনে 1,270 কোটি টকাৰ ৰাজহ উপাৰ্জন কৰে ৷ ত্ৰিপুৰাত উৎকৃষ্ট মানৰ ৰবৰ প্ৰতি কেজিত 166 টকা আৰু নিম্ন মানৰ ৰবৰ 156 টকাকৈ প্ৰতি কেজিত বিক্ৰী হয় ৷

লগতে পঢ়ক : কেন্দ্ৰত মোডী চৰকাৰ অহাৰ পৰা উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন আহিছে : জিষ্ণু দেৱবৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.