যোৰহাটত এমাহতে দুবাৰকৈ শিশু অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ - Child Abduction Attempt
Child kidnapping case in Jorhat: যোৰহাটত পুনৰ দুটি শিশুক অপহৰণৰ অপচেষ্টা কৰা হ’ল ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথতে শিশু দুটিক অপহৰণৰ চেষ্টা ৷

Published : June 16, 2024 at 6:14 PM IST
যোৰহাট, 16 জুন: যোৰহাট জিলাত দিন দুপৰতে শিশু অপহৰণৰ প্ৰচেষ্টাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত গড়কোষ গাঁৱত দুটি শিশু অপহৰণৰ চেষ্টা চলোৱা ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ।
জানিব পৰা মতে, শনিবাৰে গড়কোষ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ দুগৰাকী ছাত্ৰ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে অপহৰণৰ চেষ্টা চলোৱা হয় ৷ পিচফালৰ পৰা আহি ৰোৱা এখন বগা ৰঙৰ ইণ্ডিগ’ বাহনত অহা দুৰ্বৃত্তৰ এটা দলে ছাত্ৰদ্বয়ক অপহৰণৰ চেষ্টা চলায় ৷
লগতে পঢ়ক: ঘৰত নাই কাপোৰ-কানি: মাক-জীয়েক নিৰুদ্দেশ !
দুৰ্বৃত্তৰ দলটোৱে এগৰাকী ছাত্ৰৰ হাতত ধৰি টনা-আঁজোৰা কৰোতেই আনগৰাকী ছাত্ৰই চিঞৰ-বাখৰ কৰাত সমীপৰ এগৰাকী মহিলা ঘৰৰ পৰা ওলাই আহে ৷ মহিলাগৰাকী ওলাই অহাৰ পিচতে দুৰ্বৃত্তৰ দলটোৱে গাড়ীসহ পলায়ন কৰে । ছাত্ৰদ্বয়ে জানিবলৈ দিয়া মতে, অপহৰণকাৰী দলটোৱে মাস্ক লগাই আহিছিল আৰু মাত্ৰ চকু দুটাহে ওলাই আছিল ।
উল্লেখযোগ্য যে, যোৱা ২০ মে’ তাৰিখেও চেলেং চাহ বাগিচাৰ ৬ নং লাইনত মাজনিশা এটি শিশু অপহৰণৰ অপচেষ্টা কৰা হৈছিল । উক্ত ৭ বছৰীয়া শিশুক নিশা প্ৰায় ১২.৩০ বজাত শোৱাপাটীৰ পৰা প্ৰস্ৰাৱ কৰিবলৈ যোৱা অৱস্থাত দুজন অচিনাক্ত লোকে মুখত সোপা দি দাংকোলা কৰি এখন মাৰুতি ভেনত উঠাই অপহৰণৰ চেষ্টা কৰিছিল যদিও শিশুটি অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা পৰে ।
লগতে পঢ়ক: দিন দুপৰতে গুৱাহাটী মহানগৰীৰ পৰা শিশু অপহৰণ
উক্ত ঘটনাৰ পিচত চাহ বাগিচা অঞ্চলত নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰিছিল স্থানীয় ৰাইজে । পুনৰ এমাহৰ ভিতৰতে শনিবাৰে শিশু অপহৰণৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে ঘটনাস্থলীত চেলেংহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰা লগতে পথত তালাচী অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: মৰিয়নীত শিশু অপহৰণৰ চেষ্টা ব্যৰ্থ : সোপাধৰাৰ আতংকত ভীতিগ্ৰস্ত অঞ্চলবাসী

