উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Visits Doul Govinda temple) ৷ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱত উপস্থিত হৈ অভিভূত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷
ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন(Rajya Sabha Election 2022) । ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব পৱিত্ৰ মাৰ্ঘেৰিটা (BJP names Pabitra Margherita for one Rajya Sabha seat) । এই পৰ্যন্ত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰা নাই নিজা অথবা মিত্ৰদল ইউ পি পি এলৰ কোনো প্ৰাৰ্থীৰ নাম ।
ৰঙৰ উৎসৱ হোলী বা ফাকুৱা উদযাপনৰ মাজতে তিনিচুকীয়াত পথ দুৰ্ঘটনা (Tinsukia Road accident amidst Holi) ৷ শনিবাৰে নিশা মাকুম বাইপাছৰ নিৰ্মলা চাহ ফেক্টৰীৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাটোত নিহত হৈছে এগৰাকী লোক (One person dead in a road accident) ৷
উজনি অসমৰ 5 জন যুৱকে পুনৰ আলফা স্বাধীনলৈ যোৱাৰ কথা জানিব পৰা হৈছে (Five Assam boys suspected to join ULFA-I) । বৃহস্পতিবাৰে বিয়লি যুৱককেইজন ম্যানমাৰত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে । আলফা স্বাধীনত যোগদানৰ বাবে যোৱা যুৱককেইজন অন্যতম হৈছে দৰং জিলাৰ দেওমৰনৈৰ কুমাৰপাৰাৰ হীৰকজ্যোতি বৰা ৷
দৌল বুলি কলেই বৰপেটাবাসীৰ মনলৈ আহে এক অনাবিল সুখ, এক অনন্য সুখৰ আকৰ ৷ চৌদিশে দৌলৰ আনন্দত সত্ৰনগৰী বৰপেটাবাসী মছগুল ৷ এই দৌল উৎসৱৰ আনন্দৰ মাজতেই বৰপেটাৰ দোকানী ব্যৱসায়ীসকলে নিজৰ দোকানৰ সন্মুখত ভাগ লৈছে হোলীগীতৰ আনন্দত ৷
পল্টন বজাৰত গুণ্ডাগিৰি কৰা আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন ৷ তাৎক্ষনিকভাৱে বলৱৎ হোৱাকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে জাৰি কৰিলে নিলম্বনৰ নিৰ্দেশনা (Constable suspended after beating man in public place)৷
কৰিমগঞ্জৰ বদৰপুৰত বদৰপুৰ আৰক্ষীয়ে জ্বলালে কেইবা লাখ টকাৰ বাৰ্মিজ চুপাৰি (Police burned large quantity of illegal Burmese supari) ৷ কিছুদিন পূৰ্বে দৰপুৰ আৰক্ষীয়ে মহাকাল গুদামৰ পৰা জব্দ কৰিছিল এই বাৰ্মিজ চুপাৰিখিনি ৷ শুকুৰবাৰে আদালতৰ নিৰ্দেশত এই জব্দকৃত বাৰ্মিজ চুপাৰিখিনি বদৰপুৰ চক্ৰ বিষয়া তৌহিৰ আলম, বদৰপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ উপস্থিতিত জ্বলাই দিয়া হয় ৷
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ সামাজিক মাধ্যমত চৰ্চিত হৈছে অসমৰ চাহ । শেহতীয়াকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ভয়ানক যুদ্ধৰ মাজতে অসমৰ এক বিশেষ চাহৰ নাম সম্প্ৰতি ইউক্ৰেইনৰ সামাজিক মাধ্যমত চর্চিত হৈছে (Assam tea brand became famous among ukrainians) ।
লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিপলপুখুৰীৰ পৰা লংকা-লামডিং পথ সংযোগী পানাপথৰ কামত ব্যপক দুৰ্নীতিৰ সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ লগতে স্বয়ং ৰাজমিস্ত্ৰীয়ে (Corruption in road construction atLanka)।
বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টিত উপস্থিত হ’ল বিধায়ক ভুৱন গাম ৷ সমষ্টিত উপস্থিত হৈয়েই চলি থকা উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বুজ ল’লে বিধায়কগৰাকীয়ে(Bhuban Gam in Majuli) ৷