ETV Bharat / state

তিনিচুকীয়াত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

author img

By

Published : Mar 19, 2022, 9:39 AM IST

one-person-spot-dead-in-a-road-accident-in-tinsukia
তিনিচুকীয়াত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ৰঙৰ উৎসৱ হোলী বা ফাকুৱা উদযাপনৰ মাজতে তিনিচুকীয়াত পথ দুৰ্ঘটনা (Tinsukia Road accident amidst Holi) ৷ শনিবাৰে নিশা মাকুম বাইপাছৰ নিৰ্মলা চাহ ফেক্টৰীৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাটোত নিহত হৈছে এগৰাকী লোক (One person dead in a road accident) ৷

তিনিচুকীয়া, 19 মাৰ্চ : ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে তিনিচুকীয়াত সংঘটিত পথ দুৰ্ঘটনা (Tinsukia Road accident amidst Holi) ৷ শনিবাৰে নিশা মাকুম বাইপাছৰ নিৰ্মলা চাহ ফেক্টৰীৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাটোত এগৰাকী লোক নিহত হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, তিনিচুকীয়া অভিমুখে গৈ থকা AS 23 AA 6009 নম্বৰৰ এখন হুণ্ডাই ক্ৰেটা বাহন আৰু মাকুম অভিমুখী AS 23 CC 0827 নম্বৰৰ এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ক্ৰেটা বাহনখনৰ চালকগৰাকী (One person dead in a road accident) ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালকগৰাকী ৷

ইফালে বৰ্তমানলৈকে মৃত হুণ্ডাই বাহনখমৰ চালকগৰাকীৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে ৷ ঘটনাস্থলীত আৰক্ষী বাহিনী সময়মতে উপস্থিত হয় যদিও বহু সময়ৰ অন্ততহে হুণ্ডাই বাহনখনৰ ভিতৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে চাওক: দৌলগোবিন্দ মন্দিৰৰ পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.