বিজেপি প্ৰাৰ্থীক ৮ বাৰ ভোট দিয়া ভিডিঅ' ভাইৰেল; ৰাজনৈতিক মহলত খলকনি - Fake Voting Video
FAKE VOTING VIDEO IN UP: লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে দেওবাৰে পোহৰলৈ আহিছে এটা ভাইৰেল ভিডিঅ' ৷ এজন যুৱ ভোটাৰে কমেও 8 বাৰ ইভিএমত বিজেপি প্ৰাৰ্থীক ভোট দিয়া দেখা গৈছে । তাৰ পিচতেই লাগিছে হাহাকাৰ ৷

Published : May 20, 2024 at 9:14 AM IST
নেশ্যনেল ডেস্ক, 20 মে’ : আজি অৰ্থাৎ 20 মে’ত দেশজুৰি লোকসভা নিৰ্বাচন 2024 ৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ এই ভোটগ্ৰহণৰ পূৰ্বে উত্তৰ প্ৰদেশৰ এটাহ জিলাৰ আলিগঞ্জ বিধানসভা সমষ্টিৰ পৰা এটা ভাইৰেল ভিডিঅ’ পোহৰলৈ আহিছে ৷ ভিডিঅ’টোত এজন যুৱ ভোটাৰে বেলেগ বেলেগ ভোটকেন্দ্ৰত 8 বাৰকৈ ভোট দিয়া দেখা গৈছে ৷ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহৰ কেইবাগৰাকী নেতাই এই ঘটনাটোৰ ভিডিঅ' এক্সত শ্বেয়াৰ কৰাৰ পিচতে যুৱকজনক ৰাজেন সিং বুলি চিনাক্ত কৰা হৈছে ৷
ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই ভাইৰেল ভিডিঅ'টোৰ সন্দৰ্ভত যুৱ ভোটাৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে 13 মে'ত এটাহ জিলাৰ আলিগঞ্জ বিধানসভা সমষ্টিৰ যুৱ ভোটাৰজনৰ ভোটদানৰ ভিডিঅ' পোষ্ট কৰাৰ পিচতে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷
ভিডিঅ'টোৰ সৈতে অখিলেশ যাদৱে তেওঁৰ পোষ্টত লিখে যে, "যদি নিৰ্বাচন আয়োগে অনুভৱ কৰে যে এইটো ভুল হৈছে, তেন্তে পদক্ষেপ ল'ব লাগিব, অন্যথা....... বিজেপিৰ বুথ কমিটী প্ৰকৃততে এটা লুণ্ঠন সমিতি ।"
ভাইৰেল ভিডিঅ'টোত, যুৱকজনে কৈছে "মই প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পাঁচটা ভোট দিছোঁ, মই ষষ্ঠবাৰো লৈছো, এয়া ষষ্ঠটোও পৰিব, চাওক, সপ্তম আৰু অষ্টমটোও পৰিব, মই মুঠতে আঠটা ভোট দিছো ৷" ইয়াৰ পিচত ভিডিঅ'টোত এটা এটাকৈ 8 টা আঙুলি দেখুৱাই যুৱকজনে ৷ তেওঁ বিজেপি প্ৰাৰ্থীক ভোট দিয়া দেখা গৈছিল ।
এই দুইমিনিট দীঘল ভিডিঅ'টোত ভোটাৰগৰাকীক ইলেক্ট্ৰনিক ভোটিং মেচিনত (ইভিএম) বিজেপি প্ৰাৰ্থী মুকেশ ৰাজপুতক কমেও 8 বাৰ ভোট দিয়া দেখা যায় । অৱশ্যে ভিডিঅ'টোৰ সত্যতা এতিয়াও পোহৰলৈ অহা নাই ৷
লক্ষণীয়ভাৱে, মুকেশ ৰাজপুত উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী । এই ঘটনা পোহৰলৈ অহাৰ পিচতে ৰাজনৈতিক মহলত ব্যাপক তোলপাৰ লাগিছে ৷

