ETV Bharat / state

ৰাজপথত গুণ্ডাগিৰি কৰি নিলম্বিত হ’ল কনিষ্টবল ফকৰুদ্দিন আহমেদ

author img

By

Published : Mar 18, 2022, 10:42 PM IST

Updated : Mar 18, 2022, 10:53 PM IST

Constable suspended after beating man in public place
ৰাজপথত গুণ্ডাগিৰি কৰি নিলম্বিত হ’ল কনিষ্টবল ফকৰুদ্দিন আহমেদ

পল্টন বজাৰত গুণ্ডাগিৰি কৰা আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন ৷ তাৎক্ষনিকভাৱে বলৱৎ হোৱাকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে জাৰি কৰিলে নিলম্বনৰ নিৰ্দেশনা (Constable suspended after beating man in public place)৷

গুৱাহাটী, 18 মাৰ্চ: ৰাজপথত সাধাৰণ জনতাৰ ওপৰত গুণ্ডাগিৰি কৰি নিলম্বিত হ’ল অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদ ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰত পৰিয়ালৰ সন্মুখতে এজন লোকক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তৎকালীনভাৱে কনিষ্টবলজনক নিলম্বনৰ নিৰ্দেশ দিলে আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(Constable suspended after beating man in public place)৷

Constable suspended after beating man in public place
নিলম্বিত হ’ল কনিষ্টবল ফকৰুদ্দিন আহমেদ

উল্লেখ্য যে, বৃহস্পতিবাৰে পল্টন বজাৰৰ ৰাজপথত যান-যঁট নিয়ন্ত্ৰণৰ দ্বায়িত্বত থকা এজন কনিষ্টবলে পত্নী-সন্তানৰ সন্মুখতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল এজন লোকক ৷ ফলত মটৰ চাইকেলৰ পৰা বাগৰি পৰা পত্নী আৰু সন্টানটে নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰিছিল ৷ ইয়াৰ পিছতেই সামাজিক মাধ্যমত ভইৰেল হৈ পৰিছিল সংগ্ৰ ঘটনাৰ ভিডিঅ’ ৷

Last Updated :Mar 18, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.