ETV Bharat / state

Corruption in road construction : হোজাই জিলাৰ লংকাত পথ নিৰ্মাণত দূৰ্নীতি

author img

By

Published : Mar 18, 2022, 10:34 PM IST

allegation-of-corruption-in-road-construction-at-lanka-in-hojai
হোজাই জিলাৰ লংকাত পথ নিৰ্মাণত দূৰ্নীতি

লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিপলপুখুৰীৰ পৰা লংকা-লামডিং পথ সংযোগী পানাপথৰ কামত ব্যপক দুৰ্নীতিৰ সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ লগতে স্বয়ং ৰাজমিস্ত্ৰীয়ে (Corruption in road construction atLanka)।

হোজাই , 18 মাৰ্চ : হোজাইৰ লংকাত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ( Corruption in road construction) ৷ নিৰ্মাণৰ এমাহ নহওঁতেই চিৰাল ফাঁট মেলিলে লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিপলপুখুৰীৰ পৰা লংকা-লামডিং পথ সংযোগী পানাপথ নামেৰে নামকৰণ কৰা পথটোত (Allegation of corruption in road construction in Hojai) ৷

অসম চৰকাৰৰ গড়কপ্তানী বিভাগৰ SOPD(G) আচনীৰ 2018-19 বৰ্ষৰ অধীনত 91 লাখ 62 হাজাৰ 993 টকা ব্যয় কৰি নিৰ্মাণ কৰা এই 1300 মিটাৰৰ পথচোৱা বিগত 20-25 দিন মান সম্পূৰ্ণকৈ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছিল ৷ পিছে নিম্নমানদণ্ডৰ এই পথছোৱা নিৰ্মাণ কৰোতে ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে স্বয়ং পথটো নিৰ্মাণ কৰা ৰাজমিস্ত্ৰিগৰাকীয়েও ৷

ঠিকাদাৰে নিধাৰিত সামগ্ৰীতকৈ কম পৰিমানৰ সামগ্ৰী দি পথ নিৰ্মাণ কৰিবলৈ দিছে বুলি অভিযোগ কৰিছে পথ নিৰ্মাণত নিয়োজিত ৰাজমিষ্টিয়ে ৷

আনহাতে, কাম শেষ কৰি ৰাজমিষ্টি জনক ঠিকাদাৰে পূৰ্বে বন্ধবস্ত কৰা অনুসৰি মজুৰি বৰ্তমানলৈকে আদায় নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে ৰাজ মিস্ত্ৰীগৰাকীয়ে ৷ এই দূৰ্নীতিপৰায়ণ ঠিকাদাৰ জনৰ বিৰুদ্ধে স্থানীয় বিধায়কৰ লগতে দায়িত্বত থকা অসম চৰকাৰৰ বিয়াগোম গড়কপ্তানী বিভাগৰ উচ্চ বৰমুৰীয়া সকলে কি ব্যবস্থা লয় সেইয়া সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: বৰপেটা সত্ৰৰ ভৰ দৌলৰ দ্বিতীয় দিন: লোকে লোকাৰণ্য সত্ৰৰ চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.