ETV Bharat / state

বিধায়ক হৈ প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত ভুৱন গাম

author img

By

Published : Mar 18, 2022, 8:30 PM IST

Bhuban Gam in Majuli
বিধায়ক হৈ প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত ভুৱন গাম

বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টিত উপস্থিত হ’ল বিধায়ক ভুৱন গাম ৷ সমষ্টিত উপস্থিত হৈয়েই চলি থকা উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বুজ ল’লে বিধায়কগৰাকীয়ে(Bhuban Gam in Majuli) ৷

মাজুলী, 18 মাৰ্চ: বিধায়ক হৈ প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত ভুৱন গাম বিধায়ক হিচাপে পৰিগণিত হোৱাৰ পাছত শুকুৰবাৰে মাজুলীত উপস্থিত হয় ভুবন গাম । মাজুলীৰ কমলাবাৰী ফেৰী ঘাটত উষ্ম আদৰণি বিধায়ক ভুৱন গামক (Bhuban Gam in Majuli)।

মাজুলীৰ মাধৱদেৱ কৃষ্টি সংঘত অনুষ্ঠিত এক আদৰণি অনুষ্ঠানত বিধায়ক ভুৱন গামে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলে ভগৱান আখ্যা ৷ উল্লেখ্য যে, মাজুলীৰ বহু অঞ্চলত বিধায়কগৰাকীক আদৰণি জনায় দলীয় কাৰ্যকৰ্তাই ।

বিধায়ক হৈ প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত ভুৱন গাম

ইয়াৰ পাছতেই বিধায়ক ভুৱন গামে মাজুলীত উপস্থিতিত হৈ নামনি মাজুলীৰ চামগুৰি বাঘগাঁও আৰু পেকামণি খহনীয়া অঞ্চল পৰিদৰ্শন কৰি সেই স্তানত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় । বিধায়ক হৈ ভুৱন গামৰ মাজুলীৰ প্ৰথম ভ্ৰমণৰ সময়চোৱাত মিত্ৰদলৰ নেতা-কৰ্মীসকলেো সংগ দিয়া পৰিলক্ষিত হয় ।

লগতে পঢ়ক: ৰাজ্যসভা এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.