ETV Bharat / city

Rajya Sabha Election: ৰাজ্যসভাৰ এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

author img

By

Published : Mar 18, 2022, 7:50 PM IST

Updated : Mar 18, 2022, 8:09 PM IST

ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন(Rajya Sabha Election 2022) । ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব পৱিত্ৰ মাৰ্ঘেৰিটা (BJP names Pabitra Margherita for one Rajya Sabha seat) । এই পৰ্যন্ত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰা নাই নিজা অথবা মিত্ৰদল ইউ পি পি এলৰ কোনো প্ৰাৰ্থীৰ নাম ।

bjp declared its candidate's name for Rajyasabha election 2022
ৰাজ্যসভা এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

গুৱাহাটী, ১৮ মাৰ্চ : ৰাজ্যসভাত খালী হ’বলগীয়া অসমৰ দুখন আসনৰ ভিতৰত এখনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব দলৰ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা(BJP names Pabitra Margherita for one Rajya Sabha seat) । শুকুৰবাৰে সন্ধিয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে । অৱশ্যে এই পৰ্যন্ত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে নিজা কোনো প্ৰাৰ্থী বা মিত্ৰদল ইউ পি পি এলৰ কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।

bjp declared its candidate's name for Rajyasabha election 2022
ৰাজ্যসভা এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

উল্লেখযোগ্য যে পৰ্যাপ্ত সংখ্যক বিধায়ক নথকা স্বত্বেও বিজেপিয়ে দ্বিতীয়খন আসনো নিজৰ হাতত থাকিব বুলি দাবী কৰি আহিছে । কিন্তু দ্বিতীয়খন আসনত বিজেপিৰ প্ৰাৰ্থী নাথাকে, থাকিব মিত্ৰদল ইউ পি পি এলৰহে । ১৬ মাৰ্চৰ সন্ধিয়া অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক ক'ৰ কমিটিৰ বৈঠকে দুয়োখন আসনৰ বাবে তিনিজনীয়া পেনেল প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছিল । পেনেলত প্ৰথমখন আসনৰ বাবে আছিল বিজেপিৰ দুই নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু পুলক গোঁহাইৰ নাম ।

আনহাতে, দ্বিতীয়খন আসনৰ বাবে আছিল ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰীৰ নাম । এই পেনেলৰ পৰাই দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই শুকুৰবাৰে পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম চূড়ান্ত কৰে । উল্লেখযোগ্য যে, ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২১ মাৰ্চ । শুকুৰবাৰে বিজেপিয়ে অসমৰ লগতে হিমাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাতো খালী হ’বলগীয়া ৰাজ্যসভাৰ একোখনকৈ আসনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ।

লগতে পঢ়ক : নাথাকিব অসমৰ প্ৰতিনিধি, কংগ্ৰেছ শূন্য হ'ব নেকি ৰাজ্যসভা ?

Last Updated :Mar 18, 2022, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.