ETV Bharat / state

যুদ্ধৰ মাজতে অসমৰ চাহৰ সোৱাদ ল’ব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে !

author img

By

Published : Mar 18, 2022, 8:16 PM IST

tea-brand-from-assam-in-zelenskys-name
চৰ্চাত অসমৰ জেলেনস্কি চাহ : ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানেও ল’ব পাৰিব সোৱাদ

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নামেৰে অসমৰ Orthodox চাহ, 'জেলেনস্কি' (Tea brand in Zelenskyy's name) ৷ যুদ্ধ নহয় একাপ চাহৰ সৈতে শান্তি আলোচনা...

তেজপুৰ, ১৮ মাৰ্চ : যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ সামাজিক মাধ্যমত চৰ্চিত হৈছে অসমৰ চাহ । শেহতীয়াকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ভয়ানক যুদ্ধৰ মাজতে অসমৰ এক বিশেষ চাহৰ নাম সম্প্ৰতি ইউক্ৰেইনৰ সামাজিক মাধ্যমত চর্চিত হৈছে (Assam tea brand became famous among ukrainians) ।

ফলস্বৰূপে অসমত উপস্থিত হোৱা জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে বিচাৰিছে এই বিশেষ চাহৰ এটা পেকেট । প্ৰকৃততে গুৱাহাটীৰ AROMICA চাহ উদ্যোগৰ স্বত্বাধীকাৰী ৰঞ্জিত বৰুৱাই যোৱা ১৬ মাৰ্চ, বুধবাৰে নতুনকৈ নামাকৰণ কৰি উলিয়াইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি (Volodymyr Zelenskyy) নামৰ orthodox CTC চাহৰ পেকেট ।

tea-brand-from-assam-in-zelenskys-name
চৰ্চাত অসমৰ জেলেনস্কি চাহ

Zelenskyy really strong, Strong Assam Black Tea ,শীৰ্ষক নামেৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীৰ নামেৰে এই চাহৰ নাম দিয়া হৈছে ৷

ৰাছিয়াৰ দৰে এখন বিশাল দেশৰ বিৰুদ্ধে সাহসেৰে থিয় দি থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ দৰেই অসমৰ চাহ পৌৰাণিক পদ্ধতিৰে নিৰ্মিত শক্তিশালী চাহ বুলি কৰা হৈছে দাবী । ইটিভি ভাৰতক AROMICA চাহ উদ্যোগৰ স্বত্বাধীকাৰী ৰঞ্জিত বৰুৱাই কয় যে, " এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে এতিয়া যুদ্ধ নহয়, একাপ চাহৰ সৈতে শান্তি আলোচনাত বহক, Make peace, Not war. Lets have a cup of tea together And get it all over..."

tea-brand-from-assam-in-zelenskys-name
চৰ্চাত অসমৰ জেলেনস্কি চাহ : ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানেও ল’ব পাৰিব সোৱাদ
উল্লেখযোগ্য যে, ইতিমধ্যে AROMICA কোম্পানীৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে অষ্ট্ৰেলিয়া, জাপান আৰু কানাডাত । চাহ উদ্যোগৰ স্বত্বাধীকাৰী গৰাকীয়ে লগতে কয় যে, এই চাহে বৰ্তমান ইউক্ৰেইনৰ সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে ।

মন কৰিব লগীয়া যে, সম্প্ৰতি অসমত উপস্থিত হৈছে জৰ্জিয়াৰ এগৰাকী ৰাষ্ট্ৰদূত ৷ জেলেনস্কিৰ নামৰ এই বিশেষ চাহৰ এপেকেট ৰাষ্ট্ৰদূতগৰাকীক AROMICA কোম্পানীৰ স্বত্বাধিকাৰী গৰাকীয়ে উপহাৰ স্বৰূপে প্ৰদান কৰাৰ পিছত তেওঁ অধিক পেকেট ক্ৰয় কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি ৰাষ্ট্ৰদূত গৰাকীয়ে জানিবলৈ দিছে যে, তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত গৰাকীৰ হাতত এই চাহৰ পেকেট প্ৰদান কৰিব আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই চাহ লাভ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : ফাকুৱাৰ দিনাই টিফুক চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.