বৰপেটাত দোকানী ব্যৱসায়ীসকলে ভাগ ল’লে ফাকুৱাত

By

Published : Mar 18, 2022, 10:57 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

আজি ৰঙৰ উৎসৱ ফাকুৱা । আবিৰৰ ৰঙত মতলীয়া হৈছে ৰাজ্যৰ (Holi in Assam) লগতে বৰপেটা সত্ৰৰ চৌদিশ (Holi celebrations at Barpeta Satra) ৷ দৌল বুলি কলেই বৰপেটাবাসীৰ মনলৈ আহে এক অনাবিল সুখ, এক অনন্য সুখৰ আকৰ ৷ চৌদিশে দৌলৰ আনন্দত সত্ৰনগৰী বৰপেটাবাসী মছগুল ৷ এই দৌল উৎসৱৰ আনন্দৰ মাজতেই বৰপেটাৰ দোকানী ব্যৱসায়ীসকলে নিজৰ দোকানৰ সন্মুখত ভাগ লৈছে হোলীগীতৰ আনন্দত ৷ শুকুৰবাৰে দিনৰভাগত ব্যৱসায়ীসকল সত্ৰলৈ যোৱাৰ অবকাশ নাথাকে ৷ যিহেতু দোকান খুলিব লাগে ৷ যাৰ বাবে নিজ কৰ্মৰ পৰা অকণ আহৰি লৈ তেওঁলোকে নিজৰ ধৰ্ম কৃষ্ণপ্ৰেম আৰু হোলীৰ আনন্দত বুৰ গৈছে ৷ সেয়ে, বৰপেটা চহৰৰ একোটা অঞ্চলৰ দোকানী ব্যৱসায়ীসকলে নিজৰ দোকান খোলা ৰখাৰ লগতে এইদৰে দোকান গৃহৰ সন্মুখতে ভাগ লৈছে হোলীগীতত ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.