ETV Bharat / state

পুনৰ আলফামুখী অসমীয়া যুৱক

author img

By

Published : Mar 18, 2022, 9:23 PM IST

Assam boys suspected to join ULFA-I
পুনৰ আলফামুখী অসমীয়া যুৱক

উজনি অসমৰ 5 জন যুৱকে পুনৰ আলফা স্বাধীনলৈ যোৱাৰ কথা জানিব পৰা হৈছে (Five Assam boys suspected to join ULFA-I) । বৃহস্পতিবাৰে বিয়লি যুৱককেইজন ম্যানমাৰত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে । আলফা স্বাধীনত যোগদানৰ বাবে যোৱা যুৱককেইজন অন্যতম হৈছে দৰং জিলাৰ দেওমৰনৈৰ কুমাৰপাৰাৰ হীৰকজ্যোতি বৰা ৷

দৰং, 18 মাৰ্চ : দৰং জিলাৰ দেওমৰনৈৰ কুমাৰপাৰাৰ এজন যুৱকে আলফাত যোগদান কৰা বুলি ওলোৱা খবৰে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(A youth from Darrang suspect of join in ULFA) ৷ এই খবৰ লাভ কৰাৰ পাছতেই পৰিয়ালটোত যুৱকজনৰ পৰিয়ালত সৃষ্টি হয় হুৱাদুৱাৰ ৷ যুৱকজন কুমাৰপাৰা গাঁৱৰ ভদ্ৰ বৰা আৰু মনোৰমা বৰাৰ একমাত্ৰ পুত্ৰ হীৰকজ্যোতি বৰা(২৬) বুলি জানিব পৰা হৈছে ৷

পুনৰ আলফামুখী অসমীয়া যুৱক

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হীৰকে ৯ মাৰ্চত কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল ৷ তাৰ পিচৰ পৰাই হীৰকৰ ফোনৰ চুইছ অফ হৈ থকাত পৰিয়ালৰ সৈতে যোগাযোগ ব্যাহত হৈ আছিল ৷ ইয়াৰ আগতেও হীৰক এনেকৈ কামৰ সন্ধানত ঘৰৰপৰা ওলাই য়োৱাৰ বাবে পৰিয়ালৰ লোকে বিশেষ চিন্তা কৰা নাছিল ৷

ইয়াৰ মাজতে শুকুৰবাৰে পুৱা হীৰকজ্যোতিয়ে আলফাত যোগদান কৰা বুলি ওলোৱা খবৰে পৰিয়ালটিক মৰ্মাহত কৰিছে ৷ ইতিমধ্যে পাথৰিঘাটৰ আৰক্ষীয়ে কুমাৰপাৰাৰ ভদ্ৰ বৰাৰ বাসগৃহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, উজনি অসমৰ 5 জন যুৱকে আলফা স্বাধীনলৈ যোৱাৰ কথা জানিব পৰা হৈছে (Five Assam boys suspected to join ULFA-I) । বৃহস্পতিবাৰে বিয়লি যুৱককেইজন ম্যানমাৰত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে ।

আলফা স্বাধীনত যোগদানৰ বাবে যোৱা যুৱককেইজন নগাঁও জিলাৰ কামপুৰ দেউৰী গাঁৱৰ যুৱক প্ৰবীণ বৰাৰ পুত্ৰ তন্ময় বৰা, নবীন গোৱালাৰ পুত্ৰ দিগন্ত গোৱালা, খগেশ্বৰ হীৰাৰ পুত্ৰ সুভাষ হীৰা, তিনিচুকীয়া মাকুমৰ শিমলুগুৰি চুকগাঁৱৰ পবিত্ৰ মৰাণৰ পুত্ৰ সুৰজ মৰাণ আৰু দৰং জিলাৰ মঙলদৈ ডামনিৰ হীৰকজ্যোতি বৰাই আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : উজনিত পুনৰ পাঁচ যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.