অসম

assam

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Oct 17, 2021, 7:01 PM IST

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 7 pm
সাত বজাৰ শীৰ্ষ দহটা বাতৰি

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

50 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

অৱশেষত গ্ৰেপ্তাৰ হ'ল ইণ্ডাষ্ট্ৰিয়েল কো অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী ৷ বেংকৰ ৫০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে পৰিচালন সঞ্চালকজন ৷ গোচৰ ৰুজু হোৱাৰে পৰা পলাতক হৈ আছিল শুভ্ৰজ্যোতি ভৰালী ।

ব্ৰহ্মপুত্ৰত জাঁপ দি আপোনঘাটী হ’ল শিক্ষয়িত্ৰী

বিশ্বনাথঘাটত সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা ৷ ভৰা লুইতৰ বুকুত নিজকে শেষ কৰি দিয়াৰ অভি প্ৰায়েৰে জাঁপ দিলে এগৰাকী শিক্ষয়ত্ৰীয়ে ৷ AS-12K9939 নম্বৰৰ এখন দুচকীয়া বাহনৰে অহা প্ৰিয়ংকা গগৈ নামৰ মহিলা গৰাকীয়ে বিশ্বনাথ ঘাটৰ শ্মশান স্থলীত বাহনখন ৰাখি ব্ৰহ্মপুত্ৰৰ বুকত জাঁপ দিয়ে ৷

আলফাৰে শান্তি আলোচনা : পৰেশ বৰুৱাৰ অপেক্ষাত আৰু কিমান দিন !

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে, পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনি প্ৰায় চাৰে তিনি দশকজুৰি চলি অহা এই ৰক্তক্ষয়ী ইতিহাসৰ ওৰ পেলাবলৈ যত্ন কৰি থকা হৈছে । কিন্তু সমান্তৰালভাৱে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নেতৃত্বত আলোচনাৰ বাবে আগবাঢ়ি অহা আলফাৰ সৈতে আলোচনা প্ৰক্ৰিয়া বৰ্তমান কি পৰ্যায়ত আছে সেয়াও গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস; উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড ঘাটত ফেৰী চলাচলত আহুকাল

বিপজ্জনক ভাৱে তললৈ নামিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ব্ৰহ্মপুত্ৰৰ চাৰিওফালে ভৰি পৰিছে বালি । ব্ৰহ্মপুত্ৰৰ পানী কমি অহাৰ ফলতে উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটত ফেৰী চলাচলত আহুকালৰ সৃষ্টি হৈছে । মধ্যমখণ্ড ঘাটত বিগত তিনিদিনৰ পৰা ফেৰী সেৱা বাতিল কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ।

পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ; পৰ্যটক সোঁত বৈছে কাজিৰঙালৈ

1 অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পিছত পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ ৷ দুটা পৰ্যটন বৰ্ষৰ পিছত হাঁহি বিৰিঙিছে পৰ্যটন উদ্যোগৰ লগত জড়িত লোক সকলৰ মুখত ।

প্ৰিঞ্চী অপহৰণ কাণ্ডক নস্যাৎ পৰাগ দাসৰ

প্ৰিঞ্চী অপহৰণ কাণ্ডই লৈছে নতুন মূৰ ৷ বিশেষভাৱে সক্ষম সাহসী যুৱতী প্ৰিঞ্চী গগৈৰ অপহৰণৰ ঘটনাক নস্যাৎ কৰিছে গহপুৰৰ ঘাঁহিগাঁৱৰ যুৱক পৰাগ দাসে ।

বাংলাদেশৰ হিংসাত্মক ঘটনাৰে জড়িতক কঠোৰতম শাস্তিৰ পোষকতা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

বাংলাদেশত সংঘটিত হিংসাত্মক আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ৷ বিষয়টোত হস্তক্ষেপ কৰি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰশংসা ৷ ঘটনাক লৈ ৰাজ্যখনৰ বুদ্ধিজীৱী, পণ্ডিত আৰু শিক্ষাবিদসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া ৷ ত্ৰিপুৰাত নিয়োজিত বাংলাদেশৰ Assistant High Commissioner জোবায়েড হুছেইনক সাক্ষাৎ এইসকল লোকৰ ৷

কেৰালাত ভয়ংকৰ ভূমিস্খলন : নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি

প্ৰকৃতিৰ ৰোষত কেৰালাৰ কেইবাটাও অঞ্চল । ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত এতিয়ালৈ ১২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । এতিয়াও বহু লোক সন্ধানহীন । সেনা, এন ডি আৰ এফ, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

কিশোৰী ধৰ্ষণৰ অভিযোগত ৰাজনৈতিক নেতাসহ 7 জনক আটক

এগৰাকী ১৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ সন্দৰ্ভত ৰাজনৈতিক নেতা সহিতে ৭ জন লোকক আটক ৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে সমাজবাদী পাৰ্টী (এছপি) আৰু বহুজন সমাজ পাৰ্টী (বিএছপি)ৰ জিলা সভাপতি আৰু এগৰাকী কনিষ্ঠ অভিযন্তা ৷

Drugs on cruise : আৰিয়ানৰ পক্ষত অভিনেত্ৰী পূজা বেদী

ড্ৰাগছৰ ঘটনাত আৰিয়ান খান গ্ৰেপ্তাৰ হোৱাৰ পাছতে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী শ্বাহৰুখ খানৰ পৰিয়ালক সমৰ্থন কৰা দেখা গৈছে । এইবাৰ অভিনেত্ৰী পূজা বেদীকো দেখা গ’ল আৰিয়ানৰ পক্ষত ।

ABOUT THE AUTHOR

...view details