ব্ৰহ্মপুত্ৰত জাঁপ দি আপোনঘাটী হ’ল শিক্ষয়িত্ৰী

By

Published : Oct 17, 2021, 5:22 PM IST

thumbnail

বিশ্বনাথঘাটত সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা ৷ ভৰা লুইতৰ বুকুত নিজকে শেষ কৰি দিয়াৰ অভি প্ৰায়েৰে জাঁপ দিলে এগৰাকী শিক্ষয়ত্ৰীয়ে ৷ AS-12K9939 নম্বৰৰ এখন দুচকীয়া বাহনৰে অহা প্ৰিয়ংকা গগৈ নামৰ মহিলা গৰাকীয়ে বিশ্বনাথ ঘাটৰ শ্মশান স্থলীত বাহনখন ৰাখি ব্ৰহ্মপুত্ৰৰ বুকত জাঁপ দিয়ে ৷ উল্লেখযোগ্য যে, প্ৰিয়ংকা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ নিত্যানন্দ গগৈৰ কনিষ্ঠা কন্যা তথা চতিয়া গেৰেকীৰ নীলম গগৈ বৰুৱাৰ পত্নী ৷ প্ৰিয়ংকা গগৈ পেছাত এগৰাকী শিক্ষয়ত্ৰী ৷ প্ৰিয়ংকাই ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ পাছতে স্থানীয় ৰাইজ তথা কেইজনমান মাছমৰীয়া ব্যক্তিৰ তৎপৰতাত ব্ৰহ্মপুত্ৰৰ বুকুত চলোৱা হয় অনুসন্ধান ৷ প্ৰায় এঘন্টা অনুসন্ধান কৰাৰ পাছতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰিয়ংকাৰ নিথৰ দেহ ৷ স্বামী নীলম গগৈয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিনৰ পৰা প্ৰিয়ংকাই মানসকিক হতাশাগ্ৰস্ততাত ভূগি আছিল ৷ চিকিৎসকৰ সহায় লৈছিল যদিও কোনোধৰণৰ উপশম পোৱা নাছিল ৷ ইপিনে ইয়াৰ পূৰ্ৱে কেইবাবাৰো আত্মহত্যা কৰাৰ বাবে চেষ্টা চলাইছিল প্ৰিয়ংকাই ৷ দৰাচলতে কি কাৰণে প্ৰিয়ংকা গগৈয়ে এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি নিজকে শেষ কৰি দিলে সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.