ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস; উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড ঘাটত ফেৰী চলাচলত আহুকাল

By

Published : Oct 17, 2021, 5:25 PM IST

thumbnail

বিপজ্জনক ভাৱে তললৈ নামিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ব্ৰহ্মপুত্ৰৰ চাৰিওফালে ভৰি পৰিছে বালি । ব্ৰহ্মপুত্ৰৰ পানী কমি অহাৰ ফলতে উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটত ফেৰী চলাচলত আহুকালৰ সৃষ্টি হৈছে । মধ্যমখণ্ড ঘাটত বিগত তিনিদিনৰ পৰা ফেৰী সেৱা বাতিল কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । ফেৰীসমূহ মধ্যম খণ্ড পাৰঘাটৰ পৰিৱৰ্তে ৰজাদুৱাৰ ঘাটৰ পৰা চলাচলৰ ব্যৱস্থা কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমিলে মধ্যম খণ্ড পাৰঘাটৰ পৰিৱৰ্তে ৰজাদুৱাৰ ঘাটৰ পৰা চলাচল কৰে বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.