ETV Bharat / sitara

Drugs on cruise : আৰিয়ানৰ পক্ষত অভিনেত্ৰী পূজা বেদী

author img

By

Published : Oct 17, 2021, 1:45 PM IST

ড্ৰাগছৰ ঘটনাত আৰিয়ান খান গ্ৰেপ্তাৰ হোৱাৰ পাছতে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী শ্বাহৰুখ খানৰ পৰিয়ালক সমৰ্থন কৰা দেখা গৈছে । এইবাৰ অভিনেত্ৰী পূজা বেদীকো দেখা গ’ল আৰিয়ানৰ পক্ষত ।

Pooja Bedi
আৰিয়ানৰ পক্ষত অভিনেত্ৰী পূজা বেদী

চিটাৰা ডেস্ক, ১৭ অক্টোবৰ : মুম্বাইৰ ড্ৰাগছ অন ক্ৰুজ ঘটনাৰ তদন্ত অব্যাহত আছে । এন চি বিয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানসহ ৬ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ক'ভিড পৰীক্ষাৰ অন্তত অভিযুক্ত কেইজনক আৰ্থাৰ ৰোড কাৰাগাৰ সুকীয়া সুকীয়া কক্ষলৈ স্থানান্তৰ কৰা হৈছে ।

উল্লেখ্য যে, ২০ অক্টোবৰলৈ কাৰাগাৰতে থাকিব লাগিব আৰিয়ান খান । আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা বলীউডৰ বহু তাৰকাই শ্বাহৰুখ খানৰ পৰিয়ালক শান্ত্বনা দিয়া দেখা গৈছে । বহুতে সমৰ্থনো কৰিছে আৰিয়ান খানক ।

এইবাৰ বলীউডৰ অভিনেত্ৰী পূজা বেদীয়ে আৰিয়ান খানৰ পক্ষত থাকি বিশেষ মন্তব্য কৰা দেখা গ'ল । টুইটযোগে ন্যায় পালিকাৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিলে পূজা বেদীয়ে ।

  • If no drugs were found on #AryanKhan isn't it appalling that an innocent kid is made to spend days & days in lockup?
    Its psychologically damaging to be put in jail for no reason.
    The judicial system needs a major revamp... such systems create criminals by punishing innocents.

    — Pooja Bedi (@poojabeditweets) October 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেত্ৰী পূজা বেদীৰ প্ৰশ্ন- যদিহে আৰিয়ানৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হোৱা নাই, তেনেহ'লে নিৰীহ ল'ৰাটো কিয় দিনৰ পাছত দিন লক আপৰ ভিতৰত ৰখা হৈছে । কোনো কাৰণ নোহোৱাকৈ লক আপত ৰখাটো মানসিকভাৱে ক্ষতিকাৰক । সেয়ে ন্যায় ব্যৱস্থা সংশোধনৰ প্ৰয়োজন আছে বুলি দাবী কৰে অভিনেত্ৰীগৰাকীয়ে । লগতে এনে ন্যায় ব্যৱস্থাই নিৰীহ লোকক শাস্তি দি অপৰাধী সৃষ্টি কৰিব বুলিও পূজাই আশংকা ব্যক্ত কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ফাৰাহ খান, স্বৰা ভাস্কৰ, ছায়ানী গুপ্তা, চুজেন খান আৰু ঋত্বিক ৰোশনে ছ'চিয়েল মিডিয়াত শ্বাহৰুখ আৰু পৰিয়ালক সমৰ্থন জনাইছিল ।

ইফালে যোৱা কেইদিনমানৰ তদন্তত এনচিবিৰ (NCB) এক সূত্ৰই দাবী কৰা মতে আৰিয়ান খান আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে ড্ৰাগছ সৰবৰাহত জড়িত আছিল । লগতে চুপাৰষ্টাৰ গৰাকীৰ পুত্ৰই নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰে বুলিও অভিযোগ তুলিছে ।

লগতে পঢ়ক : 'চৰ্দাৰ উধম'ত বিকি কৌশলৰ অভিনয়ক প্ৰশংসা কেটৰীণাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.