পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ ; পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ

author img

By

Published : Oct 17, 2021, 5:02 PM IST

Updated : Oct 18, 2021, 6:07 AM IST

tourists-are-coming-to-kaziranga

1 অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পিছত পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ ৷ দুটা পৰ্যটন বৰ্ষৰ পিছত হাঁহি বিৰিঙিছে পৰ্যটন উদ্যোগৰ লগত জড়িত লোক সকলৰ মুখত ।

বোকাখাট, 17 অক্টোবৰ : এটা দীঘলীয়া সময়ৰ বাবে অচল হৈ আছিল ৰাজ্যৰ পৰ্যটন উদ্যোগ ৷ একেদৰেই পৰ্যটকৰ বাবে বন্ধ হৈ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সচৰাচৰ দেশী-বিদেশী পৰ্যটকৰে ভৰি থাকে ৰাষ্ট্ৰীয় উদ্যানখন ৷ অৱশেষত, যোৱা 1 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুকলি হোৱাৰ লগে লগেই পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ ৷ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পৰ্যটকৰ মুখ দেখি হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত লোক সকলৰ মুখত ।

উল্লেখ যোগ্য যে, ক’ৰণা মহামৰীয়ে বিগত দুটা পৰ্যটন বৰ্ষ বাৰুকৈ ক্ষতি কৰাৰ পাছত চলিত পৰ্যটন বৰ্ষই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কাজিৰঙালৈ । যোৱা ১ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পিছত পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ । বিশেষকৈ, দুৰ্গা পূজাৰ আৰম্ভণি দিনৰে পৰা কাজিৰঙাত ভৰি পৰিছে দেশীয় পৰ্যটক ।

পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ; পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ

ৰাষ্ট্ৰীয় উদ্যানখনৰ ধাবা, ৰেষ্টুৰেণ্ট, ল'জ আদি সকলোতে ভৰি পৰিছে পৰ্যটক ৷ পৰ্যটন ব্যৱসায়ী সকলৰ আশা কৰুণাৰ তৃতীয় ঢৌৱে প্ৰভাৱিত নকৰিলে এইবাৰ লোকচানৰ সন্মুখীন হ’ব লগীয়া নহয় পৰ্যটন ব্যৱসায়ী সকল । সেয়েহে, ব্যৱসায়ী সকলে ক’ভিড নীতি মানিহে সকলোকে কাজিৰঙালৈ যোৱাৰ আহ্বান জনাইছে । পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যৱসায়ী সকলে জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙালৈ আগমন ঘটা পৰ্যটকৰ ৬০% থলুৱা আৰু ৪০% বহিঃৰাজ্যৰ পৰ্যটক ।

আনহাতে, বহিঃ ৰাজ্যৰ পৰা অহা পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি উৎফুল্লিত হৈ পৰিছে । উল্লেখ্য যে, পহিলা নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব হাতী চাফাৰী ।

লগতে পঢ়ক : অ’ মই মদ খাইছো : দিশপুৰ আৰক্ষী থানাত সুৰাসক্ত যুৱতীৰ স্বীকাৰোক্তি

Last Updated :Oct 18, 2021, 6:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.