প্ৰিঞ্চী অপহৰণ কাণ্ডক নস্যাৎ পৰাগ দাসৰ

author img

By

Published : Oct 17, 2021, 6:34 PM IST

prnichi gogoi Kidnep case

প্ৰিঞ্চী অপহৰণ কাণ্ডই লৈছে নতুন মূৰ ৷ বিশেষভাৱে সক্ষম সাহসী যুৱতী প্ৰিঞ্চী গগৈৰ অপহৰণৰ ঘটনাক নস্যাৎ কৰিছে গহপুৰৰ ঘাঁহিগাঁৱৰ যুৱক পৰাগ দাসে ।

বিশ্বনাথ, 17 অক্টোবৰ : প্ৰিঞ্চী গগৈৰ অপহৰণ কাণ্ডৰ নতুন মূৰ ৷ প্ৰিঞ্চীৰ অভিযোগ নস্যাত কৰিছে পৰাগ দাস আৰু তেওঁৰ আত্মীয়ই ৷ কিয়নো 15 অক্টোবৰ দিনাই প্ৰিঞ্চীয়ে নিজ ইচ্ছা মতে গহপুৰৰ ঘাঁহিগাঁৱৰ যুৱক পৰাগ দাসৰ সৈতে সংসাৰ কৰিবলৈ আহিছিল ৷ এই কথা পূৰ্বতে স্বীকাৰ কৰিছিল বিশেষভাবে সক্ষম প্ৰিঞ্চী গগৈয়ে ৷

প্ৰিঞ্চী অপহৰণ কাণ্ডক নস্যাৎ পৰাগ দাসৰ

প্ৰিঞ্চী গগৈ আৰু তেওঁৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি, চলিত মাহৰ 15 অক্টোবৰ, দুৰ্গা অষ্টমীৰ দিনা অপহৰণ কৰা হৈছিল প্ৰিঞ্চীক ৷ নিচা জাতীয় দ্ৰব্য সেৱন কৰোৱাৰ লগতে তন্ত্ৰ-মন্ত্ৰ কৰি প্ৰিঞ্চীক গহপুৰ ঘাঁহিগাঁও হুকাজানৰ যুৱক পৰাগ দাসে বিয়া কৰাইছিল ৷ এই ক্ষেত্ৰত পৰাগ দাসক সহায় কৰিছিল তেওঁৰ ভগ্নী আৰু পৰিয়ালে ৷

এই অভিযোগ তৰিছে বিশেষভাবে সক্ষম প্ৰিঞ্চী গগৈয়ে ৷

ইফালে 15 অক্টোবৰত প্ৰিঞ্চী সন্ধানহীন হোৱাত তেওঁৰ পৰিয়ালে ১৬ অক্টোবৰত কাষ চাপে আৰক্ষীৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত আৰু প্ৰিঞ্চীৰ ম’বাইল ট্ৰেছ কৰি গহপুৰৰ ঘাঁহিগাঁৱৰ যুৱক পৰাগ দাসৰ ঘৰত প্ৰিঞ্চীৰ অৱস্থিতি ধৰা পেলাই ৷ তাৰ পাচতেই যুৱতীগৰাকীৰ আত্মীয়ই পৰাগ দাসৰ ঘৰৰ পৰা লৈ আনে প্ৰিঞ্চীক ৷

আনহাতে, প্ৰিঞ্চীয়ে উল্লেখ কৰা অনুসৰি, মাত্ৰ এটা মাহ পূৰ্বে চিনাকী হৈছিল পৰাগৰ সৈতে ৷ কিন্তু প্ৰিঞ্চীৰ এই কথা নস্যাৎ কৰিছে পৰাগে ৷ পৰাগে উল্লেখ কৰা অনুসৰি, বিগত 6 মাহৰ পৰাই দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল আৰু নিজৰ এখন সৰু সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল ৷ যাৰ বাবে নিজ ইচ্ছা অনুসৰিয়েই প্ৰিঞ্চী গুচি আহিছিল পৰাগৰ কাষলৈ ৷

কিন্তু পৰৱৰ্তী সময়ত উলোটা খৰ মাৰে প্ৰিঞ্চীয়ে ৷ কি কাৰণত প্ৰিঞ্চীয়ে পৰাগৰ বিৰুদ্ধে অপহৰণৰ গোচৰ তৰিলে, সেই বিষয়ে জ্ঞাত নহয় পৰাগ দাস । পৰাগ দাসৰ দাবী, প্ৰিঞ্চী আৰু তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ কিছু প্ৰমাণো আছে তেওঁৰ লগত ৷

এতিয়া প্ৰশ্ন হয়, এই অপহৰণ কাণ্ডৰ কোন পক্ষ সত্য ! আজিৰ দিনটো তন্ত্ৰ-মন্ত্ৰৰ কোনো অস্তিত্ব আছেনে ? আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷

লগতে পঢ়ক : আলফাৰে শান্তি আলোচনা : পৰেশ বৰুৱাৰ অপেক্ষাত আৰু কিমান দিন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.