ETV Bharat / bharat

কিশোৰী ধৰ্ষণৰ অভিযোগত ৰাজনৈতিক নেতাসহ 7 জনক আটক

author img

By

Published : Oct 17, 2021, 12:35 PM IST

এগৰাকী ১৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ সন্দৰ্ভত ৰাজনৈতিক নেতা সহিতে ৭ জন লোকক আটক ৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে সমাজবাদী পাৰ্টী (এছপি) আৰু বহুজন সমাজ পাৰ্টী (বিএছপি)ৰ জিলা সভাপতি আৰু এগৰাকী কনিষ্ঠ অভিযন্তা ৷

UP
উত্তৰ প্ৰদেশত জঘন্য ঘটনা

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ : ধৰ্ষণৰ ঘটনাক লৈ পুনৰ তোলপাৰ উত্তৰ প্ৰদেশ । বিগত সপ্তাহত এগৰাকী কিশোৰী আৰু তেওঁৰ মাতৃয়ে দাখিল কৰা এক এজাহাৰৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যখনতে । জানিব পৰা মতে, পিতৃ আৰু একাংশ আত্মীয়সহ ২৮ গৰাকী লোকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলিছে কিশোৰীগৰাকীয়ে । এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে অভিযুক্তসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে ।

আৰক্ষীয়ে ইতিমধ্যে গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকক আটক কৰিছে । আটকাধীনসকলৰ ভিতৰত সমাজবাদী পাৰ্টী (SP) আৰু বহুজন সমাজ পাৰ্টী (BSP)ৰ জিলা সভাপতি আৰু এগৰাকী কনিষ্ঠ অভিযন্তা আছে । আৰক্ষীয়ে জনোৱা মতে, সমাজবাদী পাৰ্টীৰ জিলা সভাপতি তিলক যাদৱ, বিএছপিৰ জিলা সভাপতি দীপক আহিৰৱাৰ আৰু মহেন্দ্ৰ ডুবে নামৰ এজন কনিষ্ঠ অভিযন্তাক ইতিমধ্যে আটক কৰা হৈছে ।

আৰক্ষীয়ে পলাতক তিনিওজন অভিযুক্তক বিচাৰি অভিযান চলাই আছিল । আটাইকেইজনে ললিতপুৰৰ পৰা মিৰ্জাপুৰলৈ পলাই গৈ অধিবক্তাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল ।

আৰক্ষী অধীক্ষক ললিতপুৰ নিখিল পাঠকে জনোৱা মতে, আৰক্ষীয়ে তেওঁলোকক এখন হোটেলৰ পৰা আটক কৰিছে । ঘটনা সন্দৰ্ভত এতিয়ালৈ ৭ গৰাকী লোকক আটক কৰা হৈছে আৰু বাকীসকলক বিচাৰি থকা হৈছে । ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসা আৰু অত্যাচাৰৰ গুৰুতৰ অভিযোগ তুলিছে ।

লগতে পঢ়ক: হোটেলৰ পিছফালে ওলাল যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.