ETV Bharat / entertainment

তিনিদিনত ৫১ লাখতকৈ অধিক উপাৰ্জন "স্বৰ্গৰথ" ৰ - New assamese film swargarath

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 3:01 PM IST

New Assamese film Swargarath : ছবিগৃহত নিজ যাত্ৰা অব্যাহত ৰাখিছে অসমীয়া ছবি "স্বৰ্গৰথ" এ । তিনি দিনত উপাৰ্জন ৫১ লাখতকৈ অধিক ।

third day collection of New assamese film swargarath
তিনিদিনৰ উপাৰ্জন (ETV Bharat Assam)

গুৱাহাটী, 11 জুন : মুক্তিৰ পাচতে খলকনি সৃষ্টি অসমীয়া ছবি "স্বৰ্গৰথ"ৰ । তিনিটা দিনত মুঠ উপাৰ্জন ৫১ লাখ ২৮ হাজাৰ ৮৭৭ টকা । ৭ জুনত মুক্তিলাভ কৰা এই নতুন অসমীয়া ছবিখনৰ এই সফলতাই এতিয়া উৎসাহিত কৰি তুলিছে "স্বৰ্গৰথ" ৰ প্ৰযোজক, পৰিচালক তথা কলা-কুশলীসকলক ।

third day collection of New assamese film swargarath
তিনিদিনৰ উপাৰ্জন (facebook)

ইফালে ৰাজ্যৰ প্ৰায় ৬০ টা ছবিগৃহত মুক্তিলাভ কৰা এই ছবিখনে মুক্তিৰ পাচতে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰা দেখিবলৈ পোৱা গৈছে । কোনোৱে যদি ছবিখনৰ কাহিনী, অভিনয় ইত্যাদিৰ প্ৰশংসা কৰিছে, কোনোৱে আকৌ ছবিখনৰ বিষয়বস্তু সবল নহয় বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, এক দীঘলীয়া অপেক্ষাৰ অন্তত এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত, ৰাজেশ ভূঞাৰ পৰিচালনাৰে মুক্তি পোৱা এই ছবিখন পৃথিৱীত থকা সকলৰ সৰগ সুখ লাভৰ অপাৰ ইচ্ছা তথা টকাৰ লালসাত কৰা কিছু অনৈতিক কাৰ্যকলাপ আৰু তাৰ পিচত চলি যোৱা জীৱন সংগ্ৰামৰ হাস্যৰসিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।

ছবিখনৰ প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু ড৹ অক্ষতা নাৰায়ণে । আনহাতে ছবিখনত অভিনয় কৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন, বনী দেউৰী, ৰিণ্টু বৰা, উদ্ভৱন শইকীয়া, ৰিমঝিম ডেকা, পঞ্চী পাটোৱাৰী, এলিছ শ্বেইখ, মাধুৰীমা চৌধুৰী, আকিড জামান আৰু পংকজ মহন্ত আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে । ইফালে "স্বৰ্গৰথ" ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ । সহ-পৰিচালক হিচাপে আছে মনোজ শইকীয়া । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । সম্পাদনা প্ৰতীম খাউণ্ডৰ । ছবিখন শীৰ্ষগীতটি, যিটো গীতে মুক্তিৰ পাচতে সমাজিক মাধ্যমত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে, সেই গীতটিত কন্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই ।

লগতে পঢ়ক : আজিৰে পৰা ৰাজ্যৰ কেইবাটাও ছবিগৃহত চলিব স্বৰ্গৰথ - Swargarath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.