ETV Bharat / state

বিবাহিত আছিল নৃশংসতাৰ বলি কাৰ্বি পাহাৰৰ যুৱতীগৰাকী : নেপথ্যৰ কাৰণ কি ? - young girl shot dead in Diphu

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 2:58 PM IST

Diphu murder case : কাৰ্বি পাহাৰত সংঘটিত নৃশংস হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ । সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে যুৱতীগৰাকী তথা হত্যাকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ বহু তথ্য !

THE young girl who was shot dead inside the house by miscreants in diphu was married, says kaac-cem-tuliram-ronghang
নৃশংসতাৰ বলি কাৰ্বি পাহাৰৰ যুৱতীগৰাকী (ETV Bharat Assam)

ডিফু, 11 জুন: মঙলবাৰৰ পুৱাই কাৰ্বি পাহাৰত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে জোকাৰণিৰ ৷ ডিফুত সংঘটিত হত্যাৰ ঘটনাটো সন্দৰ্ভত পোহৰলৈ আহিছে বহু ন ন তথ্য । শেহতীয়াকৈ জানিব পৰা মতে, হত্যাৰ বলি যুৱতীগৰাকী আছিল বিবাহিতা । এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সংবাদ মেল (ETV Bharat Assam)

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়, “মই শুনিব পাইছো যে ডিফুত সোমবাৰৰ নিশা হত্যা কৰা যুৱতীগৰাকী বিবাহিত আছিল । পূৰ্বে এগৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে যুৱতীগৰাকীৰ বিবাহ হৈছিল যদিও পৰৱৰ্তী সময়ত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে আৰু যুৱতীগৰাকী অকলে থাকিবলৈ লয় ।”

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমগ্ৰ হত্যাকাণ্ডটোক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলিছে ।

উল্লেখযোগ্য যে, সোমবাৰৰ মাজ নিশা প্ৰায় 1 বজাত শুই থকা অৱস্থাতে দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে । ডিফুত দুই ভগ্নীসহ বসবাস কৰা যুৱতীগৰাকীৰ হত্যাৰ কাৰণ অৱশ্যে এই পৰ্যন্ত স্পষ্ট হোৱা নাই । জানিব পৰা মতে, নিশা কেঁচা ঘৰৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক - Diphu murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.