ETV Bharat / state

ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক - Diphu murder case

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 8:42 AM IST

Diphu murder case : দুই ভগ্নীৰ সৈতে এগৰাকী যুৱতীয়ে নিশা পঢ়ি আছিল । সেই সময়তে দুই দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰে আৰু যুৱতীগৰাকীক গুলীয়াই থৈ যায় । হত্যাকাণ্ডক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰিছে নমুনা ।

Diphu murder case
ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক (ETV Bharat)

ডিফু, ১১ জুন : কাৰ্বি আংলং জিলাৰ ডিফু-লামডিং পথৰ আৰ্তংলাংচত ভয়ংকৰ ঘটনা । নিশা ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই গুলীয়াই থৈ গ'ল এগৰাকী যুৱতীক । ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি । নিহত যুৱতীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে নিশা প্ৰায় ১ বজাত এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে । তেওঁৰ ৩ গৰাকী কন্যা সন্তানে নিশা পঢ়া-শুনা কৰি আছিল ৷ সেই সময়তে দুই দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি এগৰাকীক গুলীয়াই থৈ যায় ।

ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক (ETV Bharat Assam)

পিতৃয়ে জনোৱা মতে, প্ৰায় ডেৰ মাহ পূৰ্বে তেওঁলোকে ডকমকাৰ পৰা আহি এই নতুন ঠিকনাত থাকিবলৈ লৈছিল ৷ এই ঘটনাত দুজন যুৱক জড়িত আছে বুলি মৃত যুৱতীগৰাকীৰ পিতৃয়ে অভিযোগ কৰিছে । কিছুদিন পূৰ্বে সেই দুজন যুৱকেই ঘৰটোলৈ আহি কোনো ঠিকনা বিচাৰিছিল বুলি মৃত যুৱতীগৰাকীৰ পিতৃয়ে উল্লেখ কৰে ।

আনহাতে সোমবাৰে দুপৰীয়া অৰ্থাৎ হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে সেই যুৱককেইজনেই পুনৰ ঘৰলৈ আহি পানী খাই গৈছিল বুলি পিতৃয়ে প্ৰকাশ কৰিছে । তাৰ ভিতৰত এজন নাবালক হ'ব পাৰে বুলি মৃত যুৱতীগৰাকীৰ পিতৃয়ে সন্দেহ কৰিছে ।

আনহাতে ঘটনাৰ খবৰ পোৱাৰ লগে লগে কাৰ্বি আংলং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে । অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত কুমাৰ বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে আৰক্ষীয়ে এই ঘটনা সম্পৰ্কে নিশাই অৱগত হয় ৷ তাৰ পাচতে আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

ঘটনা সম্পৰ্কে তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৷ কিন্তু যুৱতীগৰাকীক কোনে আৰু কিয় এনেদৰে গুলীচালনা কৰিলে ? ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :মাহ-হালধিৰ গোন্ধ নগ’লেই, পত্নীৰ কটা শৰীৰৰ টুকুৰাত নিমখ সানিলে স্বামীয়ে - Horrible incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.