ETV Bharat / bharat

কেৰালাত ভয়ংকৰ ভূমিস্খলন : নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি

author img

By

Published : Oct 17, 2021, 6:25 PM IST

প্ৰকৃতিৰ ৰোষত কেৰালাৰ কেইবাটাও অঞ্চল । ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত এতিয়ালৈ ১২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । এতিয়াও বহু লোক সন্ধানহীন । সেনা, এন ডি আৰ এফ, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

Kerala landslide
কেৰালাত ভয়ংকৰ ভূমিস্খলন

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ : ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কেৰালাত । ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ কোট্টায়াম আৰু ইদুক্কি জিলা দুখন যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে । ইফালে ৰাজ্যখনত দেওবাৰৰ দিনটোলৈ ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে ।

Kerala landslide
কেৰালাত ভয়ংকৰ ভূমিস্খলন

ভাৰতীয় সেনা, এন ডি আৰ এফ (NDRF), আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় লোকসকলৰ সৈতে দেওবাৰে পুৱা কুট্টিকাল আৰু কোক্কায়াৰ পঞ্চায়তত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে সেই অঞ্চলত শনিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে য'ত বহু লোক এতিয়াও সন্ধানহীন হৈ আছে । বিষয়াসকলে কোৱা মতে, দেওবাৰে পুৱা উদ্ধাৰকাৰী দলে কুট্টিকল পঞ্চায়তৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰিছে ।

Kerala landslide
কেৰালাত ভয়ংকৰ ভূমিস্খলন

কিন্তু, কোক্কায়াৰত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে । জানিব পৰা মতে, কোক্কায়াৰত ৮ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । ইফালে ৰাজ্য চৰকাৰে প্ৰকৃতিৰ ৰোষত পৰা লোকসকলক ৪ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক :ওড়িশাত অনলাইন জুৱাৰ ঘাটি উৎখাত : 27 লাখ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.