ETV Bharat / state

50 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

author img

By

Published : Oct 17, 2021, 4:39 PM IST

অৱশেষত গ্ৰেপ্তাৰ হ'ল ইণ্ডাষ্ট্ৰিয়েল কো অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী ৷ বেংকৰ ৫০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে পৰিচালন সঞ্চালকজন ৷ গোচৰ ৰুজু হোৱাৰে পৰা পলাতক হৈ আছিল শুভ্ৰজ্যোতি ভৰালী ।

subhrajyoti bharali arrested in alleged rs 50 crore scam
50 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৭ অক্টোবৰ : ৫০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইণ্ডাষ্ট্ৰিয়েল কো অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী ৷ বেংকৰ এগৰাকী কৰ্মচাৰীয়ে দিয়া 551/21 গোচৰত গ্ৰেপ্তাৰ হৈছে শুভ্ৰজ্যোতি ভৰালী ৷ বেংকৰ 50 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত ভৰালী গোচৰ ৰুজু হোৱাৰে পৰা পলাতক হৈ আছিল ৷

অভিযোগ অনুসৰি, বেংকটোৰ প্ৰাক্তন কৰ্মচাৰীকো পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীয়ে শোষণ কৰিছিল ৷ সঞ্চালক শুভ্ৰজ্যোতি ভৰালীৰ লগতে বেংকটোৰ ৮ জনকৈ বিষয়া ৰাজেশ্বৰ দাস, গণেশ ডেকা, ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ বৰ্মন, নৰেন চন্দ্ৰ মেধি, মুকুল তালুকদাৰ আৰু অনিল চন্দ্ৰ কলিতাৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ কৰিছিল নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে ৷ 15 ছেপ্টেম্বৰত ভদ্ৰেশ্বৰ বৰ্মনে পাণবজাৰ থানাত আটাইকেজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷

পাণবজাৰ থানাৰ গোচৰ নং হৈছে ৪৮৯/২১ । উল্লেখ্য যে, ইয়াৰ পূৰ্বে 489/21 গোচৰটোত শুভ্ৰজ্যোতি ভৰালীয়ে জামিন লাভ কৰিছিল ৷ অৱশেষত বেংকৰ এগৰাকী কৰ্মচাৰীয়ে দিয়া 551/21 গোচৰত গ্ৰেপ্তাৰ হ'ল পৰিচালন সঞ্চালকগৰাকী ৷

লগতে পঢ়ক : অ’ মই মদ খাইছো : দিশপুৰ আৰক্ষী থানাত সুৰাসক্ত যুৱতীৰ স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.