ETV Bharat / bharat

বাংলাদেশৰ হিংসাত্মক ঘটনাৰে জড়িতক কঠোৰতম শাস্তিৰ পোষকতা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Oct 17, 2021, 6:30 PM IST

বাংলাদেশত সংঘটিত হিংসাত্মক আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ৷ বিষয়টোত হস্তক্ষেপ কৰি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰশংসা ৷ ঘটনাক লৈ ৰাজ্যখনৰ বুদ্ধিজীৱী, পণ্ডিত আৰু শিক্ষাবিদসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া ৷ ত্ৰিপুৰাত নিয়োজিত বাংলাদেশৰ Assistant High Commissioner জোবায়েড হুছেইনক সাক্ষাৎ এইসকল লোকৰ ৷

biplab kumar deb condemns bangladesh durga puja violence
বাংলাদেশৰ হিংসাত্মক ঘটনাৰে জড়িতক কঠোৰতম শাস্তিৰ পোষকতা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

আগৰতলা , 17 অক্টোবৰ : দুৰ্গা পূজাৰ সময়ত বাংলাদেশত সংঘটিত ভয়ংকৰ হিংসাত্মক ঘটনাৰ ভুক্তভোগীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পূজা মণ্ডপত হোৱা আক্ৰমণক গৰিহণা দিছে ৷ এই হিংসাত্মক আক্ৰমণৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনোৱাৰ লগতে ত্ৰিপুৰাৰ Indo-Bangla সীমান্তৰ ওচৰত অৱস্থিত বাংলাদেশৰ কুমিল্লাত(Bangladesh’s Comilla) সংঘটিত এই আক্ৰমণক লৈ দেৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷

এই ঘটনাক যথেষ্ট দুখজনক আৰু হতাশাজনক আখ্যা দি তেওঁ সাম্প্ৰদায়িক বিভেদ বিয়পাবলৈ চেষ্টা কৰা আৰু এনে আক্ৰমণত জড়িত লোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে ৷ অৱশ্যে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰশংসা কৰাৰ লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশা প্ৰকাশ কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি, ইছলামিক ফাণ্ডামেনষ্টালিষ্ট সংগঠনৰ দ্বাৰা সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে বাংলাদেশৰ ভাৰতীয় উচ্চ আয়ুক্ত(Indian High Commissioner to Bangladesh) VK Duraiswamy ৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে ৷

সূত্ৰই জানিবলৈ দিয়া মতে, হিংসাত্মক ঘটনাৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত বিদ্যমান সামগ্ৰিক পৰিস্থিতি আৰু সেই অঞ্চলসমূহত জনসাধাৰণৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ বিছাৰিছিল ৷ ভাৰতীয় দূতগৰাকীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি দেৱক জানিবলৈ দিছিল ৷ High Commissioner কাৰ্যালয়ৰ আন কৰ্মচাৰীসকলক উক্ত ঠাইসমূহ পৰিদৰ্শন কৰাৰ লগতে হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ বাবে সঠিক সুৰক্ষা জাল নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰা হৈছে বুলিও জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, বাংলাদেশ চৰকাৰে Indian High Commissioner কাৰ্যালয়ৰ সৈতে হাত মিলাই কাম আগবঢ়াই নিছে ৷ ইফালে এই ঘটনাক লৈ ৰাজ্যখনৰ বুদ্ধিজীৱী, পণ্ডিত আৰু শিক্ষাবিদসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ ঘটনাক সমালোচনা কৰাৰ লগতে তেওঁলোকে ত্ৰিপুৰাত নিয়োজিত বাংলাদেশৰ Assistant High Commissioner জোবায়েড হুছেইনক সাক্ষাৎ কৰে ৷ হুছেইনৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰকাশিত এক বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, বাংলাদেশৰ কুমিল্লা আৰু নোৱাখালি অঞ্চলৰ বিভিন্ন স্থানত দুৰ্গা পূজাৰ পেণ্ডেলত সংঘটিত আক্ৰমণ বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ আদৰ্শৰ ওপৰত পোনপটীয়া আক্ৰমণ ৷

বহুকেইগৰাকী লোকে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা মতে, এই জঘন্য আক্ৰমণৰ পাচতে সন্মুখলৈ অহা ধৰ্মীয় অত্যাচাৰৰ অনুভূতিয়ে সোণাৰ বাংলাৰ বিষয়ে বংগবন্ধুৰ ধাৰণাক বিৰোধিতা কৰিছে ৷

লগতে পঢ়ক : টিপ্ৰালেণ্ডৰ স্বাৰ্থত একেলগ হ'ব দুই শত্ৰু টিপ্ৰা মথা আৰু আইপিএফটি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.