অসম

assam

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jul 22, 2022, 9:04 AM IST

Updated : Jul 22, 2022, 11:56 AM IST

TOP 10 AT 9 AM

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Pankaj Pathak release: মুক্তি পালে পংকজ পাঠকে

মুক্তি পালে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকে (Pankaj Pathak release from police custody)৷ বৃহস্পতিবাৰে দিনৰ ভাগত আদালতত হাজিৰ কৰোৱাৰ পিছতে পাঠকে মুক্তি লাভ কৰে ৷

Keshab Mahanta meets Zubin: মইনা নায়ক আৰু জুবিন গাৰ্গৰ খবৰ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ বৰ্তমান কোনো শংকাৰ কাৰণ নাই । মইনা নায়কৰ চিকিৎসাৰ সকলো দায়িত্ব লৈছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মইনা নায়কৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো ব্যৱস্থাৰ লগতে এই ক্ষেত্ৰত হ'ব পৰা অন্যান্য যাৱতীয় খৰছো চৰকাৰৰ ফালৰ পৰাই বহন কৰা হ'ব ।

Sarbananda Sonowal greets Draupodi Murmu: দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক তেখেতৰ নতুন দিল্লীস্থিত বাসভৱনত উষ্ম অভিনন্দন জনায় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক এখন ফুলাম অসমীয়া গামোচাৰে সম্ভাষণ জনায় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal greet Draupodi Murmu) ।

Child killing: কণমানি ডিম্পীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত শিৱসাগৰ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাত এটি শিশুৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে পৰিস্থিতি(Five year old child murdered in Sivsagar) । আৰক্ষীয়ে এই ঘটনাত অভিযুক্ত দম্পতীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে ৷

MLA on paddy field: গৰুহাল লৈ পথাৰত নামিল বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

শাওনৰ সম্ভাৱনাময় পথাৰত গৰুহাল লৈ ভাষণ এৰি নাঙলত ধৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে(MLA working on paddy feild) । সাপেখাতীৰ বৰহাটৰ হালোৱা গাঁৱৰ পথাৰত খেতিয়কৰ ৰূপত দেখা গ'ল বিধায়কগৰাকীক(MLA Dharmeshwar Konwar as a farmer) ।

Har Ghar Triranga: ৰঙিয়া খণ্ড উন্নয়ন শাখাৰ উদ্যোগত বিশেষ কাৰ্যসূচী

স্বাধীনতাৰ 75 বছৰত আজাদী কা অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ইয়াৰ বিশেষ কাৰ্যসূচী হিচাপে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলো ভাৰতীয় নাগৰিকৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ইয়াৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ৰঙিয়া খণ্ড উন্নয়ন শাখাৰ উদ্যোগত এক কাৰ্যসূচী হাতত লোৱা হয় । 'হৰ ঘৰ ত্ৰিৰংগা'(Har Ghar Triranga) এই কাৰ্যসূচীৰ সজাগতাৰ বাবে ৰঙিয়াৰ কেইবাখনো গাঁও পঞ্চায়তত আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা সমদল উলিওৱা হয় ।

Road accident in Jonai: অটো আৰু স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষ

জোনাইত সংঘটিত পথ দুৰ্ঘটনা (Road accident in Jonai) ৷ বৃহস্পতিবাৰে জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী অটো আৰু এখন স্কৰপিঅ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় (Accident occurred between auto and Scorpio vehicle) ৷ যাত্ৰীবাহী অটোত থকা দুজন লোক গুৰুতৰভাৱে আহত হয় (Two people were injured in road accident)।

Presidential Election : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল দ্ৰৌপদী মূৰ্মু

বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সমন্বিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৱে কংগ্ৰেছ তথা ইয়াৰ সহযোগী বিৰোধী দলবোৰৰ মনোনীত প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় (Draupodi Murmu defeated Yashwant Sinha) । দ্ৰৌপদী মূৰ্মুৱে লাভ কৰা ভোটৰ সংখ্যা হৈছে 2161, যাৰ মূল্য 5,77,777 টা । আনহাতে, যশোৱন্ত সিনহাই লাভ কৰে 1058 সংখ্যক ভোট, যাৰ মূল্য হয় গৈ 2,61,062 টা ।

Presidential Election 2022 : দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত বিহপুৰীয়াত বিজেপিৰ বিজয় উল্লাস

আজি ঘোষণা কৰা হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ৷ দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ (Draupodi Murmu new president of India) পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বিহপুৰীয়াৰ প্ৰান্তে প্ৰান্তে বিজয় উৎসৱ উদযাপন কৰে আদিবাসী লোকসকলে ৷ বিহপুৰীয়াৰ বৰাইখনা, বৰবালি, মৰিচাপথাৰ আদি অঞ্চলসমূহত আদিবাসী লোকসকলে ঝুমুৰ নৃত্য কৰি আনন্দ উল্লাস দ্বাৰা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷

Fake trader arrested: নকল জিৰা বেপাৰী ৰোহি দাসক বিচাৰি যোৱা আৰক্ষীক বদলি

নকল জিৰা পেকেটিঙেৰে ৰমৰমীয়া ব্যৱসায় ৰোহি দাসৰ ৷ তদনান্তীন আৰক্ষী বিষয়ক বৰপেটাৰোড আৰক্ষীৰ থানাৰ পৰা অন্য ঠাইলৈ বদলিকৰণ (Police transfer of fake cumin trader Rohi Das)৷

Last Updated :Jul 22, 2022, 11:56 AM IST

ABOUT THE AUTHOR

...view details