Keshab Mahanta meets Zubin: মইনা নায়ক আৰু জুবিন গাৰ্গৰ খবৰ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

author img

By

Published : Jul 21, 2022, 11:00 PM IST

Health minister visit in GMCH and Ayursundra hospital

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ বৰ্তমান কোনো শংকাৰ কাৰণ নাই । মইনা নায়কৰ চিকিৎসাৰ সকলো দায়িত্ব লৈছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মইনা নায়কৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো ব্যৱস্থাৰ লগতে এই ক্ষেত্ৰত হ'ব পৰা অন্যান্য যাৱতীয় খৰছো চৰকাৰৰ ফালৰ পৰাই বহন কৰা হ'ব ।

গুৱাহাটী, ২১ জুলাই : জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ মইনা নায়কৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । বৃহস্পতিবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ আয়ুৰচুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ গৈ চিকিৎসাধীন জুবিন গাৰ্গৰ খবৰ লয় (Health minister visit in Ayursundra hospital) ।

জুবিন গাৰ্গৰ চিকিৎসাৰ তদাৰক কৰি থকা চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা প্ৰথমে তেওঁৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ সবিশেষ বুজ লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসাধীন শিল্পীগৰাকীকো দেখা কৰে । স্বাস্থ্যমন্ত্ৰী মহন্তই জুবিন গাৰ্গৰ লগত কথা পতাৰ লগতে তেওঁৰ পত্নী গৰিমা গাৰ্গৰ সৈতেও মত বিনিময় কৰি শিল্পীগৰাকীৰ স্বাস্থ্যৰ উন্নতিক লৈ আশ্বস্ত হয় ।

Health minister visit in GMCH and Ayursundra hospital
মইনা নায়কৰ চিকিৎসাৰ সকলো দায়িত্ব লৈছে ৰাজ্য চৰকাৰে

সাংবাদিকৰ আগত স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসকৰ উদ্ধৃতি দি জনপ্ৰিয় শিল্পীগৰাকীৰ স্বাস্থ্যক লৈ বৰ্তমান কোনো শংকাৰ কাৰণ নাই বুলি সদৰি কৰে । ডিব্ৰুগড়ত হঠাৎ অসুস্থ হৈ পৰাৰ পাছত জুবিন গাৰ্গক ৰাজ্য চৰকাৰে বুধবাৰে জৰুৰী ভাৱে এয়াৰ এম্বুলেন্সৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰে । জুবিন গাৰ্গক অসমৰ সম্পদ বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ চিকিৎসাৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু তেওঁ নিৰন্তৰ খবৰ ৰাখিছে ।

স্বাস্থ্যমন্ত্ৰী মহন্তই লগতে কয় যে, ক্ৰমাৎ সুস্থ হৈ উঠা শিল্পীগৰাকীক আৰু দুই-তিনিদিন পাছতহে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিব পাৰিব বুলি চিকিৎসালয়ৰ ফালৰ পৰা জনাইছে । আনহাতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আয়ুৰচুন্দ্ৰা হাস্পতালৰ পৰা পোনে পোনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাওনা হয় ।

লগতে পঢ়ক : Rangia child kidnaping: অপহৃত কন্যাক কাষত পাই আৱেগিক পিতৃ

হাস্পতালত চিকিৎসাধীন হৈ থকা লেপেটকটা চাহ বাগিচাৰ কলঘৰত সংঘটিত ভয়াৱহ দুৰ্ঘটনাত আহত ২২ বছৰীয়া মইনা নায়কৰ স্বাস্থ্যৰ খবৰ লয় (Health minister visit in GMCH) । মন্ত্ৰী মহন্তই জি এম চি এইচৰ শল্য চিকিৎসা বিভাগৰ আই চি ইউত চিকিৎসাধীন অৱস্থাতে মইনা নায়কৰ শেহতীয়া অৱস্থাৰ বুজ লয় ।

মন্ত্ৰীগৰাকীয়ে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ লগতে মইনা নায়কৰ চিকিৎসাৰ দিশটো তদাৰকৰ দায়িত্বত থকা উপ-অধীক্ষক ডাঃ উজ্জ্বল শৰ্মা আৰু আই চি ইউৰ চিকিৎসকৰ পৰাও তেওঁলৈ আগবঢ়োৱা চিকিৎসাৰ সবিশেষ বুজ লয় । স্বাস্থ্যমন্ত্ৰী মহন্তই মইনা নায়কৰ পিতৃ দেবাৰু নায়ককো দেখা কৰি তেওঁৰ কন্যাৰ চিকিৎসাৰ সকলো দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক : Zubeen Garg health update : পূৰ্বতকৈ সুস্থিৰ হৈছে জুবিনৰ স্বাস্থ্যৰ অৱস্থা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মইনা নায়কৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো ব্যৱস্থাৰ লগতে এইক্ষেত্ৰত হ'ব পৰা অন্যান্য যাৱতীয় খৰছো চৰকাৰৰ ফালৰ পৰাই বহন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও পিতৃক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনায় । পাছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মইনা নায়কৰ অৱস্থাৰ খবৰ পোৱাৰ লগে লগেই ৰাজ্য চৰকাৰে তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে ।

মইনা নায়কৰ চিকিৎসাক লৈ তেওঁ নিৰন্তৰ চিকিৎসকৰ যোগাযোগত থকাৰ লগতে মুখ্যমন্ত্ৰীয়েও এই বিষয়ে খবৰ লৈ থকা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Accident in Lepetkata tea estate: মইনাক সুস্থ শৰীৰে ওভতাই পঠোৱাৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.