ETV Bharat / state

চাৰিটা বিশেষ ভোটৰ বাবে নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ ৰাওনা ভোটগ্ৰহণকাৰী দল - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:36 PM IST

Etv BharatLok sabha election 2024
চাৰিটা বিশেষ ভোটৰ বাবে নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ ৰাওনা ভোটগ্ৰহণকাৰী দল

Lok sabha election 2024 : গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ । নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ গৈ ভোটগ্ৰহণকাৰী দলৰ যাত্ৰা ।

চাৰিটা বিশেষ ভোটৰ বাবে নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ ৰাওনা ভোটগ্ৰহণকাৰী দল

গোৱালপাৰা, 29 এপ্ৰিল : ভোটদান প্ৰতিগৰাকী নাগৰিকৰে গণতান্ত্ৰিক অধিকাৰ । এই বিশেষ অধিকাৰৰ পৰা কোনো এজন নাগৰিকে যাতে বাদ নপৰে তাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশত গোৱালপাৰা জিলা প্ৰশাসনে লৈছে বিশেষ প্ৰদক্ষেপ । সেই হেতুকে যোৱা 27 এপ্ৰিলৰ পৰা 85 বছৰ বা ততোধিক বয়সৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভোটগ্ৰহণকাৰী দলে ৷

ইয়াৰ অংশ হিচাপে সোমবাৰে গোৱালপাৰা জিলা প্ৰশাসনৰ নিৰ্দেশত পূৱ গোৱালপাৰাৰ এক দুৰ্গম চৰাঞ্চলত মাত্ৰ চাৰিটা ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী দল এটি পুৱাই ভোটিং বুথসহ ভোটগ্ৰহণৰ যাৱতীয় সা-সামগ্ৰী হৈ দুৰ্গম এন চি চৰলৈ ৰাওনা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

এগৰাকী নিৰ্বাচনী পৰ্যবেশক আৰু নিৰাপত্তাৰক্ষীসহ ভোটগ্ৰহণকাৰী দলটোৱে প্ৰথমে প্ৰায় 33 কিলোমিটাৰ‌ পথ বাহনেৰে যাত্ৰা কৰি মাটিয়া আৰক্ষী থানাৰ বহতীৰ পাৰঘাটত উপস্থিত হয় । ইয়াৰ পিচত দলটোৱে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ নদীৰ বালিচৰত ঘোঁৰাৰ গাড়ীত উঠি দুৰ্গম এন চি চৰত উপস্থিত হয় ।

দলটোৱে অঞ্চলটোৰ দেহোনবি নেছা, হাবিবৰ ৰহমান, হাজেৰা খাতুন বেওৱা আৰু নুৰজাহান বেগম নামৰ ভোটাৰ চাৰিজনৰ ঘৰে ঘৰে গৈ ভোট গ্ৰহণ কৰি বিয়লিৰ ভাগত উভতি আহে ।

উল্লেখ্য যে, 7 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ সাধাৰণ লোকসভা নিৰ্বাচন 2024 ৰ ভোটগ্ৰহণৰ‌ পূৰ্বে গোৱালপাৰা নিৰ্বাচনী জিলাত মুঠ 1081 গৰাকী বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ আবেদনৰ ভিত্তিত ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । গোৱালপাৰা জিলা প্ৰশাসনে ইয়াৰ বাবে 21 টা দল গঠন কৰি দিছে আৰু এই দলসমূহে এই বিশেষ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

যোৱা 27 এপ্ৰিলৰ পৰা আৰম্ভ কৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অহা 6 মে'ত সমাপ্তি ঘটিব ।ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰথম দিনাৰ পৰাই ভোটগ্ৰহণকাৰী দলসমূহে নিৰ্বাচনী জিলাখনৰ বিভিন্ন দুৰ্গম অঞ্চললৈ গৈ 226 গৰাকী ভোটদাতাৰ ভোটগ্ৰহণ কৰিছে । অহা 6 এপ্ৰিলৰ পৰা 5 বজাৰ পূৰ্বে আবেদন জনোৱা সকলো ভোটাৰৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক: ম’ক প’ল নে অন্য কিবা- স্পষ্ট কৰিলে কৰিমগঞ্জৰ নিৰ্বাচন আয়ুক্তই - ELECTRONIC VOTING MACHINE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.