Fake trader arrested: নকল জিৰা বেপাৰী ৰোহি দাসক বিচাৰি যোৱা আৰক্ষীক বদলি

author img

By

Published : Jul 21, 2022, 10:47 PM IST

Police transfer of fake cumin trader Rohi Das

নকল জিৰা পেকেটিঙেৰে ৰমৰমীয়া ব্যৱসায় ৰোহি দাসৰ ৷ তদনান্তীন আৰক্ষী বিষয়ক বৰপেটাৰোড আৰক্ষীৰ থানাৰ পৰা অন্য ঠাইলৈ বদলিকৰণ (Police transfer of fake cumin trader Rohi Das)৷

বৰপেটা, 21 জুলাই : বৰপেটাত ভয়ংকৰ কেলেংকাৰীৰ ভয়ানক তথ্য পোহৰলৈ আহিছে (Trade scam in Barpeta)৷ গুজৰাটৰ মূৰ্গা জিৰা কোম্পানীৰ ব্ৰেণ্ড লগাই বৰপেটাৰোডৰ ৰোহি দাস সাহা নামৰ এজন ধুৰন্ধৰ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ বৰপেটাৰোডৰ এই গৰাকী ধুৰন্ধৰ ব্যৱসায়ী ৰোহিদাস সাহাই গুজৰাটৰ মূৰ্গা কোম্পানীৰ জিৰাৰ নকল পেকেটিং কৰি ৰমৰমীয়া ব্যৱসায় চলাই হোৰাহোৰে ধন ঘটি অহাৰ অভিযোগ তুলিছে গুজৰাটৰ মূৰ্গা জিৰা ব্ৰেণ্ডৰ লোকে ৷

গুজৰাটৰ আহমেদাবাদৰ মূৰ্গা জিৰা ব্ৰেণ্ডৰ হুবহু নকল পেকেট বনাই বৰপেটাৰোডৰ লম্পট ব্যৱসায়ী ৰোহি দাসে অতি কমদিনৰ ভিতৰতে কোটি কোটি টকা উপাৰ্জন কৰাৰো অভিযোগ উত্থাপন হৈছে (Fake cumin trader Rohi Das)৷ ৰোহিদাস সাহাই অতি কমদিনৰ ভিতৰত কোটি কোটি টকাৰ গৰাকী হোৱাত বৰপেটাৰোডৰ সাধাৰণ লোকে ভাবিছিল ৰোহি দাসে ”আলাউদ্দিনৰ চাকি”পাইছে বুলি সন্দেহ কৰিছিল ৷

শেহতীয়াকৈ গুজৰাটৰ অৰিজিনেল মূৰ্গা জিৰা কোম্পানীৰ স্বত্বাধিকাৰী ৰবি পাণ্ডেই বৰপেটাৰোড আৰক্ষী থানাত দিয়া এজাহাৰৰ পিছতেই পোহৰলৈ আহে এই কেলংকাৰী ৷ ইয়াৰ পিছতেই বৰপেটাৰোড আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাই তদন্ত কৰি ৰোহি দাসৰ দোকানৰ পৰা নকল মূৰ্গা জিৰাসহ পেকেট উদ্ধাৰ কৰে ৷

কিন্তু ৰহস্যজনকভাৱে তদন্তকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাই মূৰ্গা জিৰাৰ আচল নকল সম্পৰ্কে তদন্ত কৰি থকাৰ সময়তে আৰক্ষী বিষয়াজনক বৰপেটাৰোড আৰক্ষীৰ থানাৰ পৰা অন্য ঠাইলৈ বদলি কৰে (Police transfer of fake cumin trader Rohi Das) ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: বান সাহাৰ্যৰ নামত কেলেংকাৰী, সন্ধিয়া হ'লেই বস্তাই বস্তাই হৰলুকি পশুখাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.