MLA on paddy field: গৰুহাল লৈ পথাৰত নামিল বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

author img

By

Published : Jul 22, 2022, 8:39 AM IST

mla of sonari dharmeshwar konwar busy in paddy field

শাওনৰ সম্ভাৱনাময় পথাৰত গৰুহাল লৈ ভাষণ এৰি নাঙলত ধৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে(MLA working on paddy feild) । সাপেখাতীৰ বৰহাটৰ হালোৱা গাঁৱৰ পথাৰত খেতিয়কৰ ৰূপত দেখা গ'ল বিধায়কগৰাকীক(MLA Dharmeshwar Konwar as a farmer) ।

সোণাৰি,২২ জুলাই: এতিয়া শাওনৰ বতৰ । কৃষিজীৱি অসমীয়াৰ বছৰটোলৈ ভাতমুঠিৰ যোগাৰ কৰাৰ সময় । সেয়ে শাওনৰ সম্ভাৱনাময় পথাৰত ভীষণ ব্যস্ততা দেখা গৈছে চহা কৃষকৰ মাজত । ধৰাৰ উজ্জীৱিত বুকুত পথাৰ সেউজীয়া কৰাৰ মানসেৰে কৃষক ৰাইজ ব্যস্ত হৈ পৰিছে খেতি পথাৰত । বোকাময় পথাৰত সপোনৰ সেউজীয়া বুটা বাচিছে চহা কৃষকে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ন-ভূঁই ৰোৱাৰ আনন্দ ।

গৰুহাল লৈ পথাৰত নামিল সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

সাপেখাতীৰ বৰহাটৰ হালোৱা গাঁৱৰ ৰাইজৰ উদ্যোগত সম্পন্ন হয় ন-ভুঁই ৰোৱা পৰ্ব । সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰিলে চহা জীৱনৰ এই পৰম্পৰাগত পৰ্বত(MLA working on paddy field) । বিধায়কগৰাকীক দেখা গ'ল হালোৱা গাঁৱৰ পথাৰত খেতিয়কৰ ৰূপত(MLA Dharmeshwar Konwar as a farmer) । মুৰত জাপি, হাতত এচাৰি লৈ ৰাইজৰ লগত গৰুৰে হাল বোৱাৰ সমান্তৰালভাৱে ৰোৱনীৰ লগত ভুঁই ৰুলে একাঁঠু বোকাত নামি । বিধায়কগৰাকীৰ দুচকুত যেন দেখা গ'ল শাওনৰ সম্ভাৱনাময় সপোন(Cow ploughs MLA Dharmeswar Konwar) ।

কৃষিৰ প্ৰতি নৱ-প্ৰজন্মক আকৃষ্ট কৰাৰ লগতে সাম্প্ৰতিক সময়ত বহু খেতিয়কে খেতিৰ প্ৰতি অনিহা প্ৰকাশ কৰাৰ সময়তে খেতিয়কক উৎসাহ প্ৰদান কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে সোণাৰি সমষ্টিৰ অন্তৰ্গত পূৰ্বাঞ্চল গাওঁ পঞ্চাতৰ অন্তৰ্গত হালোৱা গাওঁত ন -ভুই ৰোৱা অনুষ্ঠান আনুষ্ঠানিক ভাৱে সম্পন্ন কৰা হয় । অনুষ্ঠানত বিজেপি যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ, ৰজাপুখুৰী গাওঁ পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকা, বৰুৱাছালি জিলা পৰিষদৰ সদস্যা পুৰৱী দুৱৰা গগৈ, চৰাইদেউ জিলাৰ বিজেপি মিডিয়া কোষৰ আহ্বায়ক বিজয় গগৈ, বিজেপি যুৱ নেতা ভাস্কৰ গগৈ, যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য এনজয় দে প্ৰমুখ্যে ভালেকেইজন বিজেপি নেতা তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক: Golden jubilee: দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস-সোণালী জয়ন্তীৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.