Presidential Election : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল দ্ৰৌপদী মূৰ্মু

author img

By

Published : Jul 21, 2022, 8:27 PM IST

Presidential Election

বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সমন্বিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৱে কংগ্ৰেছ তথা ইয়াৰ সহযোগী বিৰোধী দলবোৰৰ মনোনীত প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় (Draupodi Murmu defeated Yashwant Sinha) । দ্ৰৌপদী মূৰ্মুৱে লাভ কৰা ভোটৰ সংখ্যা হৈছে 2161, যাৰ মূল্য 5,77,777 টা । আনহাতে, যশোৱন্ত সিনহাই লাভ কৰে 1058 সংখ্যক ভোট, যাৰ মূল্য হয় গৈ 2,61,062 টা ।

নিউজ ডেস্ক, ২১ জুলাই : দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাবে ৰাইচিনা দখল দ্ৰৌপদী মূৰ্মুৰ (Draupodi Murmu new president of India)। দেশৰ প্ৰথম নাগৰিক হোৱাৰ লগতে প্ৰথমগৰাকী জনজাতীয় (First citizen of India Draupodi Murmu) ৰাষ্ট্ৰপতিৰো গৌৰৱ অৰ্জন কৰিলে দ্ৰৌপদী মূৰ্মুৱে ।

বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সমন্বিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৱে কংগ্ৰেছ তথা ইয়াৰ সহযোগী বিৰোধী দলবোৰৰ মনোনীত প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় (Draupodi Murmu defeated Yashwant Sinha) । দ্ৰৌপদী মূৰ্মুৱে লাভ কৰা ভোটৰ সংখ্যা হৈছে 2161, যাৰ মূল্য 5,77,777 টা । আনহাতে, যশোৱন্ত সিনহাই লাভ কৰে 1058 সংখ্যক ভোট, যাৰ মূল্য হয় গৈ 2,61,062 টা ।

পূর্বনির্ধাৰিত সূচী অনুসৰিয়েই বৃহস্পতিবাৰে পুৱা ১১ বজাত সংসদ ভৱনৰ ৬৩ নম্বৰ কোঠাত আৰম্ভ হয় ১৬ সংখ্যক ৰাষ্ট্রপতি নিৰ্বাচনৰ ভোট গণনা পর্ব । উল্লেখ্য, সোমবাৰে অনুষ্ঠিত হৈছিল ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্রহণ । ভোট সাব্যস্ত হয় ৯৮.৯ শতাংশ ।

লগতে পঢ়ক : Presidential Election : ৰাষ্ট্রপতি নির্বাচনৰ জনা-নজনা কিছু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.