ETV Bharat / state

ডেৰ লক্ষাধিক টকাৰ হেৰ’ইনসহ মহিলা গ্ৰেপ্তাৰ - Drugs seized

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 11:00 PM IST

DRUGS SEIZED
ডেৰ লক্ষাধিক টকাৰ হেৰ’ইনসহ মহিলা গ্ৰেপ্তাৰ

DRUGS SEIZED : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ একেদিনাই ৰাজ্যৰ দুঠাইৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷

ডেৰ লক্ষাধিক টকাৰ হেৰ’ইনসহ মহিলা গ্ৰেপ্তাৰ

মাণিকপুৰ/ বৰপেটাৰোড, 29 এপ্ৰিল : ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে ৷

প্ৰথমটো ঘটনাত বঙাইগাঁৱৰ মাণিকপুৰত প্ৰায় ডেৰ লক্ষাধিক টকা মূল্যৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী মহিলা । ধৃত মহিলাগৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ ১ নং নাচনগুৰিত । আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিময় তামুলীৰ নেতৃত্বত চলোৱা অভিযানত জব্দ কৰা হয় 96 টা হেৰ’ইন ভৰ্তি প্লাষ্টিক কণ্টেইনাৰসহ উদ্ধাৰ কৰে ৷

ধৃত মহিলাগৰাকীয়ে AS 17B 6919 নম্বৰৰ আল্ট্ৰা বাছখনেৰে বৰপেটা অভিমুখে লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। আৰক্ষীয়ে মহিলাগৰাকীৰ মোবাইল ফোন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে । জব্দকৃত হেৰ’ইনসমূহৰ বজাৰ মূল্য ডেৰ লক্ষাধিক টকা ৷

দ্বিতীয়টো ঘটনাত, সোমবাৰে সন্ধিয়া বৰপেটাৰোড আৰক্ষীয়ে ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ইনজামামুল হক বুলি জানিব পৰা গৈছে ।

এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে উত্তৰ বৰপেটাৰোডৰ মূল পথৰ পৰা লোকজনক ড্ৰাগছ সহ আটক কৰে । আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী লোকজনৰ ঘৰ বাক্সাৰ কাজিয়ামাটিত বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে লোকজনৰ পৰা 9 টা কন্টেইনাৰ আৰু 91 গ্ৰাম ড্ৰাগছ আৰু AS 28B 2617 নম্বৰৰ এখন স্কুটী জব্দ কৰিছে । বৰপেটাৰোড আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: দুৰ্ঘটনাগ্ৰস্ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাহন - Biswajit Daimary convoy accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.