ETV Bharat / state

দুৰ্ঘটনাগ্ৰস্ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাহন - Biswajit Daimary convoy accident

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 3:13 PM IST

Biswajit Daimary convoy meets an accident in bongaigaon
দুৰ্ঘটনাগ্ৰস্ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাহন

Biswajit Daimary convoy Vehicles accident : বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত । বঙাইগাঁও জিলাৰ ৰাখালডুবিত দুৰ্ঘটনাত পতিত হয় দৈমাৰীৰ কনভয়ৰ এখন বাহন ৷ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বঙাইগাঁও জিলাৰ ৰাখাৰডুবি অঞ্চলত । আঘাতপ্ৰাপ্ত দেহৰক্ষী হেমন্ত কুমাৰ গোস্বামী ৷

দুৰ্ঘটনাগ্ৰস্ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাহন

বঙাইগাঁও , 29 এপ্ৰিল: বঙাইগাঁও জিলাৰ ৰাখালডুবিত দুৰ্ঘটনাত পতিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয় । ট্ৰাক আৰু কনভয়ৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । আই নদীৰ দলং পাৰ হোৱাৰ পাচতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে বাক্সা অভিমুখে যাত্ৰা কৰি আছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বঙাইগাঁৱৰ আই নদীৰ দলং পাৰ কৰিয়েই এই দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে, আই নদীৰ দলঙৰ ওপৰৰ এটা পথত কাম চলি থকাৰ বাবে কেৱল মাত্ৰ এটা পথেৰেহে বাহনৰ চলাচল অব্যাহত আছিল ৷ পথটো ওৱান ৱে কৰি দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে ।

এই দুৰ্ঘটনাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এজন দেহৰক্ষী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । দেহৰক্ষীজন অসম পুলিচৰ হেমন্ত কুমাৰ গোস্বামী বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে দেহৰক্ষী হেমন্ত কুমাৰ গোস্বামীক ততাতৈয়াকৈ বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বাহনখনৰ বিশেষ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে যদিও দেহৰক্ষীগৰাকী সুষ্ঠ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে দুৰ্ঘটনাগ্রস্ত বাহনখনত নাছিল অধ্যক্ষ বিশ্বজিত দৈমাৰী ৷

দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনক ইতিমধ্যে ধৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ ট্ৰাকখনৰ নম্বৰ AS 01 LC 9156 ।

উল্লেখ কৰা প্ৰয়োজন যে, পথত কাম চলি থকাৰ বাবে ওৱান ৱেৰ দ্বাৰাই দলঙখনৰ ওপৰেৰে অব্যাহত আছিল বাহনৰ চলাচল ৷ অৱশ্যে তাৰ পাচতো এই গুৰুত্বপূৰ্ণ পথত এজনো যান-বাহন আৰক্ষী নিয়োজিত হৈ থকা দেখিবলৈ পোৱা হোৱা নাই ৷ যাৰ ফলত সঘনাই সৰু-বৰ দুৰ্ঘটনাসমূহ সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে উক্ত অঞ্চলটোত ।

লগতে পঢ়ক: ভোট বিভাজনৰ সৈতে শাসকপক্ষৰ কোন বুধিয়ক মানুহ জড়িত থকাৰ দাবী বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাসৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.