Pankaj Pathak release: মুক্তি পালে পংকজ পাঠকে

author img

By

Published : Jul 21, 2022, 9:42 PM IST

Pankaj Pathak release

মুক্তি পালে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকে (Pankaj Pathak release from police custody)৷ বৃহস্পতিবাৰে দিনৰ ভাগত আদালতত হাজিৰ কৰোৱাৰ পিছতে পাঠকে মুক্তি লাভ কৰে ৷

গুৱাহাটী, 21 জুলাই: মুক্তি লাভ কৰিলে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকে (Pankaj Pathak release from police custody) ৷ বৃহস্পতিবাৰে দিনৰ ভাগত আদালতত হাজিৰ কৰোৱাৰ পিছতে পাঠকে মুক্তি লাভ কৰে (Pankaj Pathak controversy) ৷ পংকজ পাঠকৰ গ্ৰেপ্তাৰক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা হৈছে ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় পংকজ পাঠকক (Self claimed Ayurveda expert Pankaj Pathak) ৷ মৃদুল নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত কালঝাৰত আত্মগোপন কৰি থকা পংকজ পাঠকক বুধবাৰে মাজনিশা আটক কৰে বৰপেটা আৰক্ষীয়ে ৷

ইয়াৰ পিছতে হাতীগাঁও থানাত ৰখা হৈছিল পংকজ পাঠকক ৷ মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা সন্দৰ্ভত ৰাজ্যৰ ভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল কেইবাটাও গোচৰ ৷ উক্ত গোচৰৰ ভিত্তিত পংকজ পাঠকক গ্ৰেপ্তাৰৰ বাবে মঙলবাৰৰ পৰা নলবাৰী, টিহুকে ধৰি ভিন্ন স্থানত নলবাৰী আৰু গুৱাহাটী আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁৰ সন্ধান উলিয়াব পৰা নাছিল ৷

পংকজ পাঠকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 354A, 509 নং ধাৰা আৰু 67 নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক: Pankaj Pathak Arrested: হাতীগাঁও থানাত জেৰা অব্যাহত পংকজ পাঠকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.