Child killing: কণমানি ডিম্পীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত শিৱসাগৰ

author img

By

Published : Jul 22, 2022, 7:39 AM IST

Child killing

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাত এটি শিশুৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে পৰিস্থিতি(Five year old child murdered in Sivsagar) । আৰক্ষীয়ে এই ঘটনাত অভিযুক্ত দম্পতীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে ৷

নাজিৰা, 22 জুলাই : এটি শিশুৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ডিম্পী ভূমিজ নামৰ নাবালিকাগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পিছতে জাঙুৰ খাই উঠিছে জাতীয় দল সংগঠন ৷ শিৱসাগৰ জিলাৰ চূণপোৰা নাহৰআলি খনিকৰ গাঁৱৰ বাসিন্দা ৰিতুস্মীতা দত্ত আৰু বিতোপন ঢেকিয়াল ফুকনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল মৃত নাবালিকাগৰাকী(Mysterious death of a girl child) ।

কণমানি ডিম্পীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত শিৱসাগৰ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লোৱাৰ পিছতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত দম্পতীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে যদিও তেওঁলোকে ঘটনা সন্দৰ্ভত কোনোধৰণৰ মুখ খোলা নাই ৷ ঘটনা সন্দৰ্ভত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ঘটনা সন্দৰ্ভত চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি দলে শিমলুগুৰি আৰক্ষীক সাক্ষাৎ কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবীত এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷ উল্লেখ্য যে মৃত শিশুটিৰ বয়স চাৰে পাঁচ বছৰ । নাবালিকাগৰাকীৰ বায়েককো বনকৰা ছোৱালী হিচাপে কাম কৰিবলৈ নিছিল বিতোপন ঢেকিয়াল ফুকন আৰু ৰিতুস্মীতা দত্তই । বিতোপন ঢেকিয়াল ফুকন আৰু ৰিতুস্মীতা দত্তই বায়েকক কৰা অত্যাচাৰ, নিৰ্যাতনৰ বাবেই বায়েকে পলায়ন কৰি গুচি আহে ।

ডিম্পী ভূমিজৰ নাম ভানু ভূমিজ দিছিল বিতোপন ঢেকিয়াল ফুকন আৰু ৰিতুস্মীতা দত্তই । ইয়াৰ উপৰিও বয়সৰ ক্ষেত্ৰতো ফাঁকি দিছিল এই দম্পতীয়ে ৷ ডিম্পীৰ আচল বয়স চাৰে পাঁচ বছৰ হৈছিল যদিও বিতোপন ঢেকিয়াল ফুকন আৰু ৰিতুস্মীতা দত্তই ৯ বছৰ বুলি কৈছিল ।

লগতে পঢ়ক: শিৱসাগৰত বন শিশুক হত্যা কৰাক লৈ তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.