ETV Bharat / state

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে তেজপুৰত গাড়ীৰ শ্ব' ৰূমত বোমাৰ আতংক - Bomb scare in Tezpur

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:56 PM IST

Bomb Hoax at Tezpur
তেজপুৰত বোমাতংক

Bomb Hoax at Tezpur: তেজপুৰত বোমাৰ আতংক । কোনে গাড়ীৰ শ্ব' ৰূমৰ কৰ্মচাৰীলৈ ফোন কৰিলে ? সেনাই লাভ কৰা নাই কোনো তথ্য় ।

তেজপুৰ, ২৯ এপ্ৰিল : সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰাৰ সময়তে তেজপুৰত বোমাৰ আতংক । তেজপুৰস্থ ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ সমীপতে থকা এটা গাড়ীৰ শ্ব' ৰূমত বোমা থকা বুলি এজন অজ্ঞাত লোকে ফোন কৰাত ৰাইজৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় ।

তেজপুৰ মিছন চাৰিআলিস্থিত মহিন্দ্ৰা ডিলাৰৰ এজন কৰ্মচাৰীৰ ম’বাইলত অহা এটা অজ্ঞাত ফোন কলে সকলোকে আতংকিত কৰি তোলে । অজ্ঞাত ফোনটোত ডিলাৰত এখন গাড়ীৰ ভিতৰত বোমা সংস্থাপিত কৰা হৈছে বুলি উল্লেখ কৰে । লগে লগেই হুলস্থূল লাগিল শ্ব' ৰূমত । ইয়াৰ পাচতেই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ক্ষিপ্ৰগতিত শ্ব' ৰূমত উপস্থিত হৈ তালাচী আৰম্ভ কৰে ।

বোমা বিচাৰি আৰক্ষীয়ে চলাথ কৰিলে সমগ্ৰ অঞ্চলটো । এখন এখনকৈ শ্ব' ৰূম গাড়ী বাহিৰলৈ উলিয়াই অনা হ'ল । লগতে খবৰ দিয়া হ'ল সেনাৰ বোমা বিশেষজ্ঞ দলক । পাচত স্নিফাৰ ডগৰ সহায়ত আৰক্ষী আৰু সেনাৰ বোমা বিশেষজ্ঞই উক্ত স্থানত কোনো ধৰণৰ বোমা নাই বুলি নিশ্চিত কৰে । অৱশ্যে অজ্ঞাত ফোন কলৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, দুষ্ট চক্ৰই 9706492046 নম্বৰৰ ম’বাইল ফোনৰ পৰা এই ফোনকলটো কৰিছিল । ফোন কৰা ব্যক্তিজনৰ প্ৰকৃত উদ্দেশ্য কি সেই বিষয়ে জানিব পৰা হোৱা নাই । সেই ব্যক্তিজন কোনো উগ্ৰপন্থী গোটৰ সদস্য নে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিব বিচৰা কোনো অপৰাধী চক্ৰ সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ।

অৱশ্য়ে সেনাই অভিযানৰ ফটো ভিডিঅ' সংগ্ৰহ কৰিবলৈ দিয়া নাই । আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ বিমান বন্দৰত অৱতৰণ কৰাৰ প্ৰায় আধা ঘণ্টাৰ ভিতৰতে বিমান বন্দৰত বোমা থকা বুলি প্ৰথমটো ফোন আহিছিল । তাৰ পাচত তেজপুৰত বোমা থকা বুলি ফোন আহে । অৱশ্যে গুৱাহাটীৰ বিমান বন্দৰত বিষয়টো সন্দৰ্ভত সুৰক্ষা বিভাগে অভিযান অব্যাহত ৰাখিছে বুলি বিশেষ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি ৰাজ্যিক বিজেপিৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.