ETV Bharat / sports

ক্ৰিকেটত মোৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত মই গুচি যাম... অৱসৰ সন্দৰ্ভত কোহলীৰ আবেগিক বাৰ্তা - Virat Kohli emotional post

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 1:42 PM IST

Virat Kohli on his Retirement : ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ তথা আইপিএলৰ আৰচিবিৰ গুৰুত্বপূৰ্ণ খেলুৱৈ বিৰাট কোহলীয়ে নিজৰ ক্ৰিকেট জীৱন ত্যাগ সন্দৰ্ভত এক আৱেগিক বাৰ্তা দিছে । এই বাৰ্তাই তেওঁৰ অনুৰাগীসকলক আৱেগিক আৰু হতাশ কৰিব পাৰে ।

Virat Kohli on his Retirement
অৱসৰ সন্দৰ্ভত কোহলীৰ আবেগিক বাৰ্তা (IANS Photo)

স্পৰ্টছ ডেস্ক, ১৬ মে' : চলিত আইপিএলত ফৰ্মৰ তুংগত আছে বিৰাট কোহলী । বৰ্তমানলৈকে তেওঁ হৈছে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । বৰ্তমান আৰচিবিৰ হৈ আশ্চৰ্যজনক প্ৰদৰ্শন কৰি আছে বিৰাট কোহলীয়ে । আনহাতে, প্লে-অফত প্ৰৱেশৰ বাবে আৰচিবিৰ এতিয়াও আশা সজীৱ হৈ আছে । তাৰ মাজতে কোহলী সন্দৰ্ভত এটা ভিডিঅ' ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে শ্বেয়াৰ কৰিছে, যিটো সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈছে । এই ভিডিঅ'টো যথেষ্ট শ্বেয়াৰ হৈছে আৰু অনুৰাগীসকলে ইয়াক আৱেগিক কৰিবলগা কথা বুলিও উল্লেখ কৰিছে ।

উক্ত ভিডিঅ'টোত বিৰাট কোহলীয়ে কৈছে, "এবাৰ যেতিয়া মোৰ ক্ৰিকেট সম্পূৰ্ণ হ'ব, তেতিয়া কেতিয়াও আপোনালোকে মোক ইয়াত দেখা নাপাব ।" তেওঁ লগতে কৈছে, "কোনো অসম্পূৰ্ণ কাম লৈ মই মোৰ কেৰিয়াৰ অন্ত পেলাব নিবিচাৰো আৰু ইয়াৰ বাবে পিচত অনুশোচনা কৰিব নিবিচাৰো । মই নিশ্চিত যে মই এয়া নকৰো– এবাৰ যেতিয়া মই ক্ৰিকেটত মোৰ কাম কৰি উঠিম, তাৰ পিচত মই গুচি যাম । আপোনালোকে মোক অলপ সময়ৰ বাবেও দেখা নাপাব । গতিকে যেতিয়ালৈকে মই খেলি থাকোঁ, তেতিয়ালৈকে মই মোৰ সৰ্বোচ্চ উজাৰি দিব বিচাৰো আৰু ইয়েই মোক আগবঢ়াই নি আছে ।"

তেওঁৰ এই আবেগিক ভিডিঅ'টোৰ পিচত অনুৰাগীসকলে ইয়াৰ ওপৰত যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেওঁলোকো আৱেগিক হৈ পৰে । এগৰাকী ইউজাৰে লিখিছে, "মই মিছা নকওঁ, যেতিয়া তেওঁ অন্তিম শাৰীটো কৈছিল, তেতিয়া সঁচাকৈয়ে মোৰ চকুত চকুপানী বিৰিঙি উঠিছিল ।"

আন এগৰাকী ইউজাৰে লিখিছে, "এই ব্যক্তিজনৰ আমাৰ জীৱনত এনে এক প্ৰভাৱ আছে যে তেওঁ সেয়া নাজানে... আমি কেনেকৈ এজন খেলুৱৈৰ সৈতে ইমান আৱেগিকভাৱে জড়িত হ'ব পাৰোঁ, তেওঁৰ পৰা এই শাৰীটো শুনি সঁচাকৈয়ে হৃদয়বিদাৰক অনুভৱ হৈছিল । খেলা কেতিয়াও বন্ধ নকৰিব । আমি আপোনাৰ অৱসৰৰ বিষয়টো কেনেদৰে মোকাবিলা কৰিম সেয়া একমাত্ৰ ভগৱানে জানে ।"

লগতে পঢ়ক :আৰ চি বি বনাম চি এছ কে : 18 মে’ৰ মেচত বৰষুণে বিধি পথালি দিয়াৰ সম্ভাৱনা - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.