ETV Bharat / sports

আৰ চি বি বনাম চি এছ কে : 18 মে’ৰ মেচত বৰষুণে বিধি পথালি দিয়াৰ সম্ভাৱনা - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 12:52 PM IST

IPL PLAYOFFS RACE: প্লে’ অফত স্থান লাভৰ বাবে চি এছ কে আৰু আৰ চি বি-ৰ মাজত ১৮ মে'ত অনুষ্ঠিত হ'বলগীয়া মেচখন দুয়োটা দলৰ বাবে সমানেই গুৰুত্বপূৰ্ণ ৷ কিন্তু তাৰ মাজতে বৰষুণে দিব পাৰে বিধি-পথালি ৷ খেলখন অমীমাংসিত হৈ ৰলে আৰ চি বি এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে চি এছ কে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

RCB Vs CSK
মেচত বৰষুণে বিধি পথালি দিয়াৰ সম্ভাৱনা (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 16 মে’: চলিত চিজনৰ আই পি এলৰ পৰৱৰ্তী মেচখন অনুষ্ঠিত হ’ব 18 মে’ত ৷ শনিবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত মুখামুখিকৈ প্ৰতিদ্বন্দ্বিতাত নামিব চি এছ কে আৰু আৰ চি বি ৷ এই খেলখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ সমান্তৰালকৈ সকলো ক্ৰিকেটপ্ৰেমীৰে দৃষ্টি আৱদ্ধ হৈ আছে এই খেলখনত ৷

পিছে আছে এক দুখবৰ ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান কৰা অনুসৰি, এই মেচখনত বৰষুণে বিধি পথালি দিয়াৰ আশংকা আছে ৷ শুকুৰবাৰৰ পৰা মঙলবাৰলৈ প্ৰায় 5 দিন বেংগালুৰুৰ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনা আছে ৷ চহৰখনত বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা স্পষ্ট কৰিছে বতৰ বিজ্ঞান বিভাগে ৷ এনে হ’লে ৱাছ আউটৰ ক্ষেত্ৰত দুয়োটা দলক পইণ্ট ভগাই দিয়া হ'ব ।

ইয়াৰ লগে লগে 18 মে’ৰ সন্ধিয়া বৰষুণ হোৱাৰ সম্ভাৱনা 90 শতাংশ বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগটোৱে । এইকেইদিনত বেংগালুৰুৰ আকাশ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনাই অধিক ৷ আচলতে ১৯ মে’ৰ দিনটোত দক্ষিণ-পশ্চিম মৌচুমী বায়ু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লগতে বংগোপ সাগৰৰ কিছু অঞ্চলৰ ফালে গতি কৰাৰ আশা ব্যক্ত কৰে বতৰ বিজ্ঞান বিভাগে ৷

আৰ চি বি আৰু চি এছ কে-ৰ মাজত প্লে অফ কোৱালিফাই মেচখন ভাৰ্চুৱেল নকআউট হিচাপে পৰিচিত হ'ব । লীগৰ প্ৰথম 8 খন মেচৰ 7 খনতে পৰাজিত হোৱাৰ পিছত প্ৰতিযোগিতাৰ শেষৰ ভাগত ছন্দ ঘূৰাই পাইছে বেংগালুৰুৰ দলটোৱে ৷ বৰ্তমান দলটোৱে 12 পইণ্টৰে সৈতে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে ৷

প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আৰ চি বি-য়ে ৰুতুৰাজ গায়কোৱাড়ৰ নেতৃত্বত বিপক্ষৰ দলটোৰ বিৰুদ্ধে মেচখন 18 ৰাণ বা ততোধিক ৰাণত জয় লাভ কৰিব লাগিব ৷ যদি মেচখনত বৰষুণে বিধি পথালি দিয়ে, তেন্তে দুয়োটা দলে এক পইণ্ট লাভ কৰিব ৷ এনে হ’লে চি এছ কেই লাভ কৰিব মুঠ 15 পইণ্ট, যি আৰ চি বি-তকৈ 2 পইণ্ট অধিক হ'ব ৷

লগতে পঢ়ক: আই পি এলত এই ৪ টা দলৰ কি হ'ব পৰৱৰ্তী সমীকৰণ ? - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.