ETV Bharat / politics

আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok sabha election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 3:48 PM IST

Bhupen Bora React on Election Results : এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে ৯ খন আৰু কংগ্ৰেছে ৩ খন আসন লাভ কৰে । কিন্তু এই নিৰ্বাচনত বিৰোধী ঐক্যৰে যুঁজ দিয়া কংগ্ৰেছে পালে কি হেৰুৱালে কি ? কংগ্ৰেছৰ জয় ক'ত হ'ল পৰাজয় ক'ত হ'ল ? বিজেপি এই নিৰ্বাচনত কিমান সফল হৈছে ? এই সকলো দিশ সামৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই নিৰ্বাচনী ফলাফলৰ ওপৰত বিশ্লেষণ আগবঢ়াইছে ।

Bhupen Bora React on Election Results
নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assm)

গুৱাহাটী,৫ জুন : "আমি হাৰি হাৰিও জিকিছো । বিজেপিয়ে জিকি জিকিও হাৰিছে । কিন্তু আমাৰ নৈতিক বিজয় হৈছে ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ । মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন কুমাৰ বৰাই লগতে কয়, বিজেপিয়ে ৰাজ্যত ৩৭.৪৩ % ভোট লাভ কৰিছে । আনহাতে, কংগ্ৰেছে লাভ কৰিছে ৩৭.৪৮ % ভোট ।

নিৰ্বাচনৰ ফলাফলৰ পৰ্যালোচনা ভূপেন বৰাৰ (ETV Bharat Assam)

নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত ভূপেন বৰাৰ ব্যাখ্যা

অসমত লোকসভা নিৰ্বাচনত কংগ্ৰেছে কি আধাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তাৰো ব্যাখ্যা আগবঢ়াই ভূপেন বৰাই । তেওঁ কয়, "অসমত শংকৰী পৰম্পৰাৰ যি অৱক্ষয় ঘটিছিল, শংকৰী সংস্কৃতিত যি আঘাত হনা হৈছিল, সেই সম্পৰ্কে আমি ৰাইজক ক'বলৈ চেষ্টা কৰিছিলোঁ । ৰাইজে আমাৰ প্ৰতি সঁহাৰি জনাইছে ।" লগতে নৱনিৰ্বাচিত ১৪ গৰাকী সাংসদক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয়, "আমি আশা কৰাতকৈ কম আসন পালো । কৰিমগঞ্জ আসনখন আমি আশা কৰিছিলো, কিন্তু নাপালো ।"

তেওঁ লগতে কয় যে ২০২৪ ৰ ৪ জুন তাৰিখত মুখ্যমন্ত্ৰীৰ হিচাপ অনুসৰিয়ে বিজেপিৰ আসন কমিছে । একেদৰে ২০২৫ ৰ ৪ তাৰিখত আৰু কমিব আৰু ২০২৬ ৰ ৪ তাৰিখত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও তেওঁ দৃঢ়তাৰে কয়।

লগতে পঢ়ক :দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

"এই নিৰ্বাচনৰ ফলাফলক লৈ মই উৎসাহীও নহয়, নিৰুৎসাহীও নহয় । আমাৰ মূল লক্ষ্য ২০২৬ । হয় আমি হাৰিছো । তাৰ দায়িত্ব মই ল'ম । আমি ৰিভিউ মিটিং পাতিম । ২৮৬৪৫ টা বুথৰ ৪০% বুথত আমি প্ৰথম স্থান লাভ কৰিছো । ক’তো আমি তৃতীয় স্থান পোৱা নাই ।” তেওঁ কয় । আনহাতে, পাহাৰ অঞ্চল আৰু বিটিআৰত কংগ্ৰেছে বহু কৰিবলগীয়া আছে বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ লগতে কয়, "সংখ্যাগতভাৱে কম হ’লেও, আমাৰ ৩ জন সাংসদে সংসদৰ মজিয়াত অসমৰ কথা সবলভাৱে উত্থাপন কৰিব পাৰিব । এতিয়াও আমি আশা কৰিছো যে চৰকাৰ ইণ্ডিয়াৰ হ’ব । কংগ্ৰেছ দলে যিকোনো ত্যাগৰ বিনিময়ত চৰকাৰ বিচাৰে । আমাৰ ৫ টা গ্যাৰাণ্টি পূৰণৰ বাবে চৰকাৰ হোৱাটো প্ৰয়োজনীয় ।”

বিৰোধী সম্পৰ্কে মন্তব্য

বিৰোধীয়ে মন্থন কৰাৰ প্ৰয়োজন আছে । এই মন্তব্য ভূপেন বৰাৰ । তেওঁ কয়, "মই ক্ৰেডিট ল’ব বিচৰা নাই । ক্ৰেডিট ল’লে ২০২৬ ত ল'ম । অখিলক কালি ফোন কৰি মই নিজেই ধন্যবাদ জনাইছো । ২০২৬ ত আমি সকলোৱে একেলগে নিৰ্বাচন খেলিম বুলি ৰাহুল গান্ধীয়ে নিজেই কৈ গৈছে । এইবাৰ আমি পৰীক্ষা কৰিলো । কেতিয়াবা পৰীক্ষাৰ প্ৰয়োজন হয় । এতিয়া কংগ্ৰেছৰ পৰীক্ষা শেষ হৈছে । এতিয়া ৰাইজে যেনেদৰে বিচাৰে তেনেদৰে আমি আগবাঢ়িম ।"

লগতে পঢ়ক :গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ ! - Mrinal Saikia Controversial Facebook Post

আনহাতে, পৰীক্ষা নকৰিলে বৰপেটা, কাৰ্বি আংলঙৰ দৰে ঠাইত আমাৰ শক্তিৰ উমান নাপালোঁহেঁতেন বুলিও তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয়, “কাৰ্বি আংলঙৰ তিনিখন জিলা কমিটীৰ সিদ্ধান্তক চৰ্তসাপেক্ষে মানি লৈ আমি কাৰ্বি আংলঙত মিত্ৰতা বিচাৰিও নকৰিলো । কিন্তু এইবাৰ কৰিম । ফলাফলৰ পিচত ভূপেন বৰাই সিদ্ধান্ত ল’ব বুলি চৰ্ত দিছিলো ।”

আজমল আৰু মুখ্যমন্ত্ৰীক সমালোচনা

আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুশোচনা কৰিছে বুলি ভূপেন বৰাই মন্তব্য কৰি কয়, "এ আই ইউ ডি এফৰ সৈতে হাত মিলাই আমি মহাপাপ কৰিছিলো । সেই মহাপাপৰ প্ৰায়শ্চিত্ত মই নিজেই কৰিম বুলি কৈছিলো । ভাৰত জোড়ো যাত্ৰাত আজমলক খোজ কঢ়োৱাৰ চেষ্টা চলোৱা হৈছিল । আজমলক বৰঘৰত সুমুওৱাৰ চেষ্টা কৰা হৈছিল । মই বাৰে বাৰে ক’বলগীয়া হৈছিল যে 'হয় মই থাকিম, নহয় আজমল থাকিব' ।”

বালিলৈ যিপাত, সুগ্ৰীৱলৈও সিপাত

বালিলৈ যিপাত, সুগ্ৰীৱলৈও সিপাত বুলি মুখ্যমন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ । বিধায়ক মৃণাল শইকীয়াই গৌৰৱ গগৈক শুভেচ্ছা জনোৱা সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়, "কালি মৃণাল শইকীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুখ মই উপলব্ধি কৰিছো । কিন্তু যেতিয়া আমাৰ বিধায়কে মুকলিকৈ টিভিৰ আগত মুখ্যমন্ত্ৰীৰ চৰণ স্পৰ্শ কৰে তেতিয়া আমাৰো বেয়া লাগে ।

লগতে পঢ়ক :অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : বিজেপি মিত্ৰজোঁটৰ হাতত 11 খন আসন; কংগ্ৰেছে লাভ কৰিলে 3 খন - LOK SABHA ELECTION RESULTS 2024

ৰাৱণ আৰু কংস এতিয়াও জীয়াই আছে

আনহাতে, ৰাৱণ আৰু কংস এতিয়াও জীয়াই আছে বুলি ভূপেন বৰাই কটাক্ষ কৰি কয় যে ভূপেন হাজৰিকাৰ গানত আছে ৰাৱণ আৰু কংস এতিয়া জীয়াই আছে বুলি । ভূপেন হাজৰিকাই কৈছিল, "ৰাৱণ বধৰ ভাওনা আকৌ পাতিব লাগিব । সেই ভাওনা এতিয়াই শেষ হোৱা নাই । বেলেগ বেলেগ ৰূপত ইয়াতো আছে ৰাৱণ আৰু কংস ।"

প্ৰতিটো সমষ্টিৰে তথ্য বিচাৰিছে কেন্দ্ৰই

প্ৰতিটো সমষ্টিৰে ভোটৰ হাৰৰ তথ্য ভূপেন বৰাৰ পৰা বিচৰা বুলিও তেওঁ উল্লেখ কৰে । কোনটো বুথত ভোটদানৰ কিমান হাৰ হৈছে সেই তথ্য কেন্দ্ৰীয় কংগ্ৰেছ নেতৃত্বই বিচাৰিছে বুলি তেওঁ কয় । আনহাতে, প্ৰতিটো বুথৰ ১৭(চি) প্ৰপত্ৰ জমা দিয়া নিদিয়া সকলো পুলিং এজেণ্টৰ তথ্যও কেন্দ্ৰই বিচাৰিছে বুলি তেওঁ কয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.