ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী অসম কন্যা - North India fashion Glam 2024

By ETV Bharat Assamese Team

Published : May 16, 2024, 2:05 PM IST

thumbnail
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা (etv bharat assam)

ডিব্ৰুগড়, 16 মে’ : পশ্চিমবংগৰ আলিপুৰদুৱাৰত শেহতীয়াকৈ অনুষ্ঠিত North India fashion Glam 2024 প্ৰতিযোগিতাত শিশুৰ শিতানত উজলিল মৰাণৰ আৰুশী দত্ত ৷ মৰাণৰ তিলৈনগৰ গ্ৰাম্যবজাৰ নিবাসী সুমিত দত্ত আৰু প্ৰতিমা দেৱনাথৰ কন্যা আৰুশীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীক চেৰ পেলাই শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয় ৷

মৰাণৰ জ্ঞানম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আৰুশীৰ সাফল্যত অত্যন্ত সুখী অভিভাৱকৰ লগতে অঞ্চলবাসী ৷ সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত সফলতা অৰ্জন কৰা আৰুশীক বৃহস্পতিবাৰে নিজা বাসগৃহত উষ্ম অভিনন্দন জ্ঞাপন কৰে টাই আহোম উন্নয়ন সমাজৰ লগতে বিভিন্ন ব্যক্তি-সংগঠনে ৷ আৰুশীয়ে জিডি প্ৰডাকচনৰ সঞ্চালিকা নিকু হাজৰিকাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ নিকু হাজৰিকাই আৰুশীৰ দৰে আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আগবাঢ়ি আহি এনেধৰণৰ প্ৰতিযোগিতাত অংশ কৰাটো কামনা কৰে ৷

লগতে পঢ়ক :  স্বৰ্গৰথ চাবলৈ স্বৰ্গলৈ নালাগে যাব: কাষৰে চিনেমা হলটোলৈকে যাব - New assamese film swargarath

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.