Sarbananda Sonowal greets Draupodi Murmu: দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Jul 21, 2022, 10:50 PM IST

cabinet-minister-sarbananda-sonowal-met-draupodi-murmu-in-new-delhi

ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক তেখেতৰ নতুন দিল্লীস্থিত বাসভৱনত উষ্ম অভিনন্দন জনায় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক এখন ফুলাম অসমীয়া গামোচাৰে সম্ভাষণ জনায় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal greet Draupodi Murmu) ।

নিউজ ডেস্ক, ২১ জুলাই : ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক (Draupodi Murmu new president of India) তেখেতৰ নতুন দিল্লীস্থিত বাসভৱনত উষ্ম অভিনন্দন জনায় কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক (First citizen of India Draupodi Murmu) এখন ফুলাম অসমীয়া গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে (Sarbananda Sonowal greets Draupodi Murmu) ৷

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰীমতী দ্ৰৌপদী মূৰ্মু ডাঙৰীয়ানীক আন্তৰিক অভিনন্দন জনাইছোঁ । আমাৰ মহান ৰাষ্ট্ৰখনৰ শীৰ্ষ পদবীলৈ প্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় লোক নিৰ্বাচিত হোৱাৰ এই ঐতিহাসিক মুহূৰ্তত দেশবাসীৰ লগতে ময়ো গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছোঁ । তেখেতৰ আগন্তুক কাৰ্যকাল গৌৰৱোজ্জ্বল আৰু সাফল্যমণ্ডিত হওক, তাৰেই কামনাৰে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।"

cabinet-minister-sarbananda-sonowal-met-draupodi-murmu-in-new-delhi
দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সোণোৱালে লগতে কয়, "ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শ্ৰীমতী দ্ৰৌপদী মূৰ্মু ডাঙৰীয়ানীৰ ঐতিহাসিক নিৰ্বাচনে অন্তোদয়ৰ সৰ্বোচ্চ আকাংক্ষা পূৰণৰ লগতে আমাৰ দেশৰ গণতন্ত্ৰৰ মহত্ব তথা বিশালতাক প্ৰতিফলিত কৰিছে । জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি অদম্য কৰ্মস্পৃহা, দেশপ্ৰেম আৰু একাগ্ৰতাৰে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে দেশমাতৃৰ সেৱাত নিজকে নিমজ্জিত কৰি আহিছে। তেখেতৰ জীৱনযাত্ৰা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস। মুৰ্মু ডাঙৰীয়ানীয়ে সঁচাকৈয়ে নতুন ভাৰতৰ আত্মাক মূৰ্ত কৰি তুলিছে ।"

লগতে পঢ়ক: Presidential Election : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল দ্ৰৌপদী মূৰ্মু

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.