অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ (Firing between Indian and China Army) ৷ ৯ ডিচেম্বৰৰ নিশা ভাৰতী সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ ৷ সংঘৰ্ষত ভাৰতীয় সেনাৰ 10-12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured) ৷ সংঘৰ্ষ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷ বহু সংখ্যক চীনা সৈন্যও সংঘৰ্ষত আহত হোৱাৰ সন্দেহ ৷
পঞ্চদশ অসম বিধানসভাৰ ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন অহা ২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব (Assam assembly winter session)। বিধানসভা সচিবালয়ে ইতিমধ্যে পাঁচোটা দিনৰে কাৰ্যসূচী প্ৰকাশ কৰিছে ৷
ধেমাজিবাসীৰ বাবে এক সুখবৰ । ২৬ ডিচেম্বৰ পৰা ২৮ডিচেম্বৰ ২০২২ লৈ National Yogasana Sports Federation ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ নাচিকত অনুস্থিত হ'বলগীয়া চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অসমৰ দলত স্থান লাভ কৰিছে ধেমাজিৰ ৬ গৰাকী যোগাসন খেলুৱৈয়ে । দুগৰাকীকৈ প্ৰশিক্ষকৰ তত্বাৱধানত কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে খেলুৱৈ কেইগৰাকী(Preparation for National Yoga Championship in Dhemaji) ।
ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ (Dibrugarh Firing Incident)৷ সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ধৃত অৰূপ গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত তেজপৰা গাঁৱৰ এটা নলাৰ কাষৰ পৰা লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো (Pistol rescued used in Dibrugarh Firing Incident )৷
দেশজুৰি বন্ধ হ’ব নেকি 2000 টকাৰ নোট (Phase out 2000 rupee notes) ! সোমবাৰে ৰাজ্যসভাত 2,000 টকাৰ মুদ্ৰা নোট ক্ৰমান্বয়ে বন্ধ কৰাৰ দাবী উত্থাপন কৰে বিজেপি সাংসদ সুশীল কুমাৰ মোডীয়ে (BJP MP Sushil Kumar Modi)৷
পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মুখামুখি সংঘৰ্ষৰ এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে ৷ ৯ ডিচেম্বৰৰ নিশা চীনা সৈন্যৰে ভাৰতীয় সেনাৰ লগত হোৱা সংঘৰ্ষৰ ফলত ভাৰতৰ প্ৰায় ১০-১২ জনীয়া দল আহত হয় ৷ সৰ্বমুঠ এই তিনিদিনীয়া মুখামুখি সংঘৰ্ষত মুঠ 30 জন ভাৰতীয় সেনাৰ জোৱান আঘাত প্ৰাপ্ত হোৱাৰ বিপৰীতে চীনা সৈন্য অত্যাধিক পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।
লামডিঙত আৰক্ষীৰ গুলীচালনাত নিহত হ’ল তৰুণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ হত্যাকাৰী (Tarun Chakraborty murder case) বিহাৰৰ মোহন কুমাৰ ৷ সোমবাৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই (Hojai SP Barun Purkayastha) এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত এক সংবাদমেল আয়োজন (Press meet on Supari Killer encounter) কৰে ৷
গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest in Guwahati)। ব্যৱসায়ীসকলক বলপূৰ্বক উচ্ছেদ বন্ধ কৰাৰ দাবীত গুৱাহাটী পথ ব্যৱসায়ী উন্নয়ন মঞ্চৰ উদ্য়োগত প্ৰতিবাদত বহিল হাজাৰ হাজৰ ব্যৱসায়ী । প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰে চাহ বাগিচা শ্ৰমিকৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা লগতে বহু অভিলাষী আঁচনি ঘোষণা কৰি আহিছে ৷ কিন্তু ইমানৰ পাচতো বহু চাহ শ্ৰমিকে আজিও প্ৰাপ্য অধিকাৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে ৷ প্ৰাপ্য অধিকাৰ বিচাৰি সোমবাৰে ডিপ্লিং চাহ বাগিচাত তিনি ঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে (Tea labor protest) ৷
মৰিগাঁৱৰ লাহৰীঘাটত (Morigaon Lahorighat) নিৰাপত্তাহীনতাত ভুগিছে এটি হিন্দু পৰিয়াল ৷ আজু ককাৰ দিনৰে পৰা বাস কৰি অহা গৃহটোতেই এতিয়া নিৰাপত্তা নোহোৱা হৈছে পৰিয়ালটোৰ ৷ ধিঙৰ আটি গাঁৱত থকা পৰিয়ালটোৰ চাৰিওকাষে বাস কৰে মুছলমান পৰিয়াল ৷ কিন্তু এই পৰিয়ালটোক একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে দি আহিছে হত্যাৰ ভাবুকি ৷ যাৰ বাবে নিশা হ’লেই ঘৰত সোমাব লগা হয় পৰিয়ালটো ৷ কেৱল সিমানেই নহয়, চুবুৰীয়া মুছলমান সম্প্ৰদায়ৰলোকে পৰিয়ালটোৰ ভূমি দখল কৰাৰো অভিযোগ উত্থাপন হৈছে ৷